বিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতাৰ মেচ৷ ২৩ ফেব্ৰুৱাৰী, ১৯৮৮৷ এই ৰচনাৰ কেন্দ্ৰীয় ল’ৰাজনে পেড্-আপ কৰি সাজু হৈ আছে৷ ইতিমধ্যে ৮৪ ৰানত দলৰ দুটা উইকেটৰ পতন হৈছে৷ আন এটা উইকেট পৰিলেই অমল নামৰ এই ল‘ৰাজন নামিব লাগিব৷ পিছে ক্ৰিজত থিতাপি লগা দুই বেটাৰে আৰম্ভ কৰিছে ‘বলাৰ বধৰ’ৰ ভাওনা৷ দিনটো অমল পেড পিন্ধি থকাতেই গ‘ল৷ পাছদিনাও একে কথা৷ অমল সাজু হৈ থাকোঁতেই ক্ৰিজৰ দুই বেটাৰে কৰা দুটাকৈ ত্ৰিশতকৰ সৌজন্যত দলীয় স্ক’ৰ ৭৪৮/২৷ ইনিংছ সামৰণি ঘোষণাৰ ফলত অমল আৰু বেট ধৰিবলৈ নমা নহ’ল৷

সেয়া আৰম্ভণি৷ অমল নামৰ এই খেলুৱৈজন বাৰে বাৰে এনেদৰে বঞ্চিত হৈয়েই ৰ’ল৷ আজি ভাৰতীয় ক্ৰিকেটৰ যিকোনো বিশ্লেষকে ক‘ব— অতি প্ৰতিভাশালী হৈও যিসকল ভাৰতীয় ক্ৰিকেটাৰে দেশৰ হৈ খেলাৰ সুযোগ নাপালে, অমল সেই দুৰ্ভগীয়াসকলৰে অন্যতম ৷
যোগ্যতা আছিল৷ ৰঞ্জি ট্ৰফীত প্ৰায়েই কৰিছিল শতক বা অৰ্ধশতক৷ মুম্বাইৰ হৈ অভিষেকত হাৰিয়ানাৰ বিৰুদ্ধে খেলিছিল ২৬০ৰ অপৰাজিত ইনিংছ৷ আৰু অপেক্ষা আৰু উপেক্ষাৰ অবিৰত ধাৰাত ক্লান্ত হৈ ক্ৰিকেট ফিল্ডক যেতিয়া বিদায় জনাইছিল, তেতিয়ালৈ ১৩১খন প্ৰথম শ্ৰেণীৰ মেচত সংগৃহীত ৰানৰ সংখ্যা হৈছিলগৈ ১১,১৬৭— ত্ৰিশটা শতক, দুগুণ অৰ্ধশতক৷ ৰঞ্জিত সৰ্বাধিক ৰানৰ অভিলেখো এই অমলৰ নামতেই৷
তথাপি অমললৈ জাতীয় দলৰ আমন্ত্ৰণ নাহিল৷ আচলতে অমলৰ দুৰ্ভাগ্য এইটোৱেই, তেওঁ খেলিবলৈ লৈছিল এনে এক সময়ত, যেতিয়া শচীন নামৰ চেনচেশ্যনত মত্ত সমগ্ৰ বিশ্ব, যেতিয়া সৌৰভ গাংগুলী- ৰাহুল দ্ৰাবিড়- ‘ভেৰি ভেৰি স্পেচিয়েল’ লক্ষ্মণৰ ক্ৰিকেট ৰবি মধ্য গগনত৷ আজিৰ পৰা ৩৭ বছৰৰ আগৰ স্কুল ক্ৰিকেটত ফিল্ডত নমাৰ সুযোগৰ অপেক্ষাত থাকোঁতে ক্ৰিজত থকা দুজনৰ নামো যে বিনোদ কাম্বলি আৰু শচীন তেণ্ডুলকাৰ!
খেলুৱৈজন অমল মজুমদাৰ৷ বেটিঙত পাৱাৰতকৈ যাৰ টাইমিঙত অধিক গুৰুত্ব, তেওঁৰ ক্ৰিকেট জীৱনৰ টাইমিঙেই যে নিখুঁত নহ’ল৷ পিছে সেই অমল মজুমদাৰক ভৰসা কৰিয়েই ২ নবেম্বৰত ভাৰতীয় মহিলা দলে ৰচিলে ইতিহাস৷ বিশ্ব ক্ৰিকেটৰ ‘নতুন শাসনকৰ্তা’ হৰমনপ্ৰীত কৌৰৰ ভাৰতীয় মহিলা দলৰ যে হেড ছাৰ অসমৰ হৈও ২০০৯ বৰ্ষৰ পৰা কিছুদিন ৰঞ্জি খেলা অমল মজুমদাৰ—যাৰ শিক্ষণ, উৎসাহ আৰু প্ৰেৰণাতে হৰমনপ্ৰীত-স্মৃতি-জেমিমাহঁতৰ অতদূৰ যাত্ৰা৷
ইন্দোৰত ১৯ অক্টোবৰত ইংলেণ্ডৰ বিৰুদ্ধে পৰাজিত হৈছিল ভাৰতীয় নাৰীবাহিনী৷ ২৮৯ৰ লক্ষ্য অনুসৰণ কৰি ২৮৪ত ঘৰুৱা দল ৰৈ গৈছিল হাতত ৪টা উইকেট ৰাখি৷ দলটোক কোনো খং-ৰাগ কৰা নাছিল হেড ছাৰে৷ কৈছিল মাথোঁ এষাৰ বাক্য—তোমালোকে খেলখন শেষ কৰি আহিব পাৰিলাহেঁতেন৷ বাক্যটিত আক্ষেপ আছিল, আছিল বিশ্বাস আৰু সম্ভাৱনাও৷ তাতেই উজ্জ্বীৱীত হৈছিল হৰমনপ্ৰীতৰ দল৷ আৰু ছেমিত—অপৰাজেয় অষ্ট্ৰেলিয়াই যেতিয়া কৰিছিল ৩৩৮, ফিল্ডিং কৰা দলটো ড্ৰেছিংৰূমত সোমাই ব‘ৰ্ডত দেখা পাইছিল হেড ছাৰে লিখি থোৱা এষাৰ বাক্য : তেওঁলোকৰ ৩৩৮, তোমালোকে মাত্ৰ ১ ৰান বেছি কৰিলেই যথেষ্ট৷ স্মৃতি-জেমিমাহঁতৰ মনৰ পৰা সকলো জড়তা সেই এষাৰ বাক্যই মচি নিছিল৷ ফলাফল : মহিলা বিশ্বকাপত সৰ্বাধিক ৰান অনুসৰণৰ জয়ৰ অভিলেখ, হৰমনপ্ৰীতৰ যুঁজাৰু ইনিংছ, জেমিমাৰ জৰিয়তে মানৱীয় অসাধ্যসাধনৰ নিদৰ্শন৷
খেলুৱৈয়ে সকলো কৰে৷ খেলুৱৈ হৈ কৰিব নোৱাৰা কাম অমল মজুমদাৰৰ দৰে প্ৰশিক্ষকে কৰে৷ ক্ৰিকেটক কিমান ভাল পালে আক্ষেপ নথকাকৈ কেৱল দি যাব পাৰি, অমল মজুমদাৰ তাৰ অনন্য উদাহৰণ নহয়নে?