brahmaputrapost.com

অ’ভেলৰ সেই স্বৰ্ণালী স্মৃতি

0

ইতিহাসত ১৩ আগষ্ট

১৩ আগষ্ট, ২০২৬৷

পঞ্চাশ বছৰ হৈ গ’ল৷

সেইদিনাও আছিল ১৩ আগষ্ট৷ চনটো ১৯৭৬৷ সেইদিনা লণ্ডনৰ ঐতিহাসিক অ’ভেল ক্ৰিকেট ষ্টে‍ডিয়ামে দেখা পাইছিল ক্ৰিকেট ইতিহাসৰ অন্যতম মহাকাব্যিক বেটিং প্ৰদৰ্শন। ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি বেটাৰ ছাৰ ভিভিয়ান ৰিচাৰ্ডছে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পঞ্চম তথা অন্তিমখন টেষ্টত খেলিছিল তেওঁৰ টেষ্ট জীৱনৰ সৰ্বোচ্চ সেই ২৯১ ৰানৰ  আক্ৰমণাত্মক আৰু অবিস্মৰণীয় ইনিংছ।

এই ইনিংছ আছিল কাৰ বিৰুদ্ধে? টনি গ্ৰেইগৰ অধিনায়কত্বত ইংৰাজ বলিং বিভাগৰ আক্ৰমণৰ নেতৃত্বত আছিল সেই কিম্বদন্তী বব উইলিছ, যি ১৯৭৫ চনত, মাত্ৰ ২৬ বছৰ বয়সতে কৰাবলগীয়া হৈছিল নিজৰ দুয়োটা আঁঠুৰে‍ জটিল অস্ত্ৰোপচাৰ। প্ৰায়েই বলিং কৰিবলগীয়া হৈছিল তীব্ৰ বিষ আৰু যন্ত্ৰণাৰ সৈতে— ক্ৰিকেট খেলপথাৰলৈ ঘূৰি আহিবলৈ আৰু নিজৰ শৰীৰৰ শক্তি ঘূৰাই পাবলৈ তেওঁ দৌৰিবলগীয়া হৈছিল দিনে ৮ কিলোমিটাৰ পৰ্যন্ত৷ তাৰ মাজতো ৯০খন টেষ্ট মেচত ৩২৫টা উইকেট লাভ কৰি উইলিছ পৰিগণিত হৈছিল ইংলেণ্ডৰ সফলতম টেষ্ট বলাৰত৷

উইলিছ আছিল৷ অধিনায়কে নিজেও বল ঘুৰাইছিল৷ এঘাৰজন খেলুৱৈৰ উইকেটকীপাৰ বাদ দি একমাত্ৰ ডেনিছ এমিছেহে হাতত বল তুলি লোৱা নাছিল৷ কিন্তু এঘাৰজন বলাৰেও ভিভক ক্ষান্ত কৰাব পৰা নাছিল৷ ১৯৭৬ চনৰ সেই ঐতিহাসিক টেষ্ট মেচৰ প্ৰথম ইনিংছত ইংৰাজ বলাৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল৷ ৩৮৬টা বলত ৩৮টা ‘চাৰি’ৰে সমৃদ্ধ ২৯১ ৰানৰ স্বভাৱসুলভ আক্ৰমণাত্মক ইনিংছটোৱে ক্ৰিকেটপ্ৰেমীক মোহাচ্ছন্ন কৰি ৰাখিছিল। নির্ভয়, নির্দয়  ভিভৰ প্ৰদর্শনে‍ ক্ৰিকেট বিশ্বক সন্মোহন কৰি ৰখা এইটো আছিল এটা অত্যন্ত প্ৰভাৱশালী ইনিংছ৷

১৯৭৬ৰ অভেলত বেটে বলে উজ্জ্বীৱিত আছিল ভিভ (ছবি কৃত্ৰিম বুদ্ধিমত্তাৰে পুনঃসৃষ্টি‍)

ইংলেণ্ডৰ বিৰুদ্ধে সেই পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৱেই ভিভিয়ান ৰিচার্ডছৰ বাবে আছিল অতিশয় বিশেষ। সমগ্ৰ শৃংখলাটোত তেওঁ গড়ে অনবদ্য প্ৰদৰ্শন আগবঢ়াই সংগ্ৰহ কৰিছিল সৰ্বমুঠ ৮২৯ ৰান।

কেৱল সেই শৃংখলাটোৱেই নহয়, ১৯৭৬ বৰ্ষটোৱেই আছিল ভিভ ৰিচাৰ্ডছৰ ক্ৰিকেট জীৱনৰ স্বৰ্ণালী বছৰ। সেই কেলেণ্ডাৰ বৰ্ষটোত তেওঁ টেষ্ট ক্ৰিকেটত সংগ্ৰহ কৰিছিল সৰ্বমুঠ ,৭১০ ৰান। কোনো এক একক পঞ্জিকা বৰ্ষত সৰ্বাধিক টেষ্ট ৰান সংগ্ৰহৰ এই অভিলেখটো পৰৱৰ্তী ৩০ বছৰ ধৰি অটুট আছিল, যিয়ে ভিভৰ অধিপত্য আৰু দক্ষতাৰ স্পষ্ট প্ৰমাণ দিয়ে।

ভিভিয়ান ৰিচাৰ্ডছ কেৱল এজন ক্ৰিকেট খেলুৱৈয়েই নাছিল, তেওঁ আছিল ক্ৰিকেট খেলপথাৰৰ এক আত্মবিশ্বাসৰ প্ৰতীক। ক্ৰিজত তেওঁৰ উপস্থিতি, চালচলন আৰু আক্ৰমণাত্মক মনোভাবটোৱে পিছলৈ টি-২০ আৰু আধুনিক সীমিত অভাৰৰ ক্ৰিকেট বেটিঙৰ মূল ভেটি স্থাপন কৰিছিল। ১৯৭০ৰ দশকৰ ৱেষ্ট ইণ্ডিজে যি দিছিল, ফুটবলত ব্ৰাজিলৰ অৱদানৰ সৈতেহে সেয়া তুলনা কৰিব পৰা যায়৷ ক্ৰি‍কেটৰ সর্বকালৰ মনোমুগ্ধকৰ কেইবাটাও ইনিংছ—সেয়া বেটতেই নহয়, বলিঙতো—আমাক দিছিল ১৯৭০ৰ দশকৰ ৱেষ্ট ইণ্ডিজে৷ ভিভ আছিল এই অৱদানকাৰীসকলৰ অন্যতম এজন৷ ভিভ মানেই ক্ৰ্কিটৰ ৰোমাঞ্চ, ভিভ মানেই নির্ভয় নির্দয় প্ৰদর্শন৷ ভিভ দৰাচলতে ক্ৰিকেটৰ এটা জোখৰ মাপকাঠি৷

আজি অৰ্ধশতিকা উকলি যোৱাৰ পিছতো, ১৯৭৬ চনৰ ১৩ আগষ্টত অ’ভেলৰ বুকুত ভিভে উপহাৰ দিয়া সেই ২৯১ ৰানৰ ধুমুহাই প্ৰতিজন ক্ৰিকেটপ্ৰেমীৰ হৃদয়ত আজিও সমানেই শিহৰণ জাগ্ৰত কৰে। ক্ৰিকেট ইতিহাসত ‘কিং ভিভ’ সদায় এক অনন্য আৰু অপ্ৰতিৰোধ্য নাম হৈয়েই ৰ’ব।

Leave A Reply

Your email address will not be published.