আজিকালি খুব সঘনে ডাৱৰ বিষ্ফোৰণৰ বাতৰি দেখিবলৈ বা পঢ়িবলৈ পোৱা যায়৷ কিন্তু আচলতে কি এই ডাৱৰ বিস্ফোৰণ (Cloudburst)? কিয় এনে ঘটনা সঘনে শুনিবলৈ পোৱা যায়? আগতে এনে ডাৱৰ বিস্ফোৰণৰ ঘটনা কিমান ঘটিছিল?
আজিকালি খুব সঘনে ডাৱৰ বিষ্ফোৰণৰ বাতৰি দেখিবলৈ বা পঢ়িবলৈ পোৱা যায়৷ কিন্তু আচলতে কি এই ডাৱৰ বিস্ফোৰণ (Cloudburst)? কিয় এনে ঘটনা সঘনে শুনিবলৈ পোৱা যায়? আগতে এনে ডাৱৰ বিস্ফোৰণৰ ঘটনা কিমান ঘটিছিল?
ডাৱৰ বিস্ফোৰণ হৈছে অতি কম সময়ৰ— সাধাৰণতে ধৰক এঘণ্টাৰ ভিতৰত প্রায় ২০–৩০ বৰ্গ কিলোমিটাৰৰ দৰে কোনো এক সীমিত ভৌগোলিক স্থানত অত্যন্ত তীব্র গতিত ১০০ মিলিমিটাৰ বা তাতকৈ অধিক বৰষুণ হোৱা এক চৰম বতৰজনিত ঘটনা। এয়া দেখাত এক প্ৰাকৃতিক ঘটনা৷ কিন্তু প্ৰাকৃতিক হ’লেও আগতে এনে ঘটনা বর্তমানৰ দৰে সঘনাই আৰু ইমান তীব্র ৰূপত ঘটা নাছিল। আগৰ দিনতো ডাৱৰ বিস্ফোৰণ ঘটিছিল, কিন্তু সেয়া আছিল অত্যন্ত বিৰল আৰু মুখ্যতঃ হিমালয় অঞ্চলৰ উচ্চ পাহাৰীয়া এলেকাতে সেইবোৰ আৱদ্ধ আছিল। কিন্তু গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ বাবেই সম্প্ৰতি ডাৱৰ বিস্ফোৰণৰ ঘটনা সঘনাই ঘটিবলৈ লৈছে।

এইকথা প্ৰায় সকলোৱে জানে যে তাপমাত্রা বৃদ্ধি পোৱাৰ লগে লগে বায়ুমণ্ডলে অধিক জলীয় বাষ্প ধৰি ৰাখিব পৰা হয়৷ বায়ুমণ্ডলৰ তাপমাত্রা ১ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পালে প্ৰায় ৭ শতাংশ অতিৰিক্ত জলীয় বাষ্প ধৰি ৰাখিব পাৰে। গোলকীয় উষ্ণতা বিগত সময়ছোৱাত যথেষ্ট বৃদ্ধি পোৱাৰ ফলত বায়ুমণ্ডলৰ জলীয় বাষ্প ধাৰণ ক্ষমতাও পূর্বৰ তুলনাত বাঢ়িছে৷ বায়ুমণ্ডলৰ এই অতিৰিক্ত জলীয় বাষ্পই হঠাত ঘনীভূত হৈ তীব্র বৰষুণৰ সৃষ্টি কৰে।
তদুপৰি, আৰৱ সাগৰ আৰু বঙ্গোপসাগৰৰ উত্তাপ বৃদ্ধি পোৱাৰ বাবে তাৰ পৰা প্ৰচুৰ পৰিমাণে জলীয় বাষ্প উৰি আহি ভাৰতৰ বিভিন্ন পাহাৰীয়া অঞ্চলত— বিশেষকৈ হিমালয় পার্বত্য এলেকাত জমা হয়। এই জলীয় বাষ্পও ডাৱৰ বিস্ফোৰণৰ কাৰণ হয়৷ সিমানেই নহয়, জলবায়ু পৰিৱৰ্তনৰ বাবে মৌচুমী বায়ুপ্ৰবাহৰ ক্ষেত্ৰতো অস্থিৰতা আহি পৰিছে, যাৰ ফলত একো একোটা নির্দিষ্ট স্থানত অতি ঘন ডাৱৰ জমা হৈ হঠাত ফাটি পৰিব ধৰিছে৷ ইয়াৰ মাজতে পাহাৰ কটা, গছ-গছনি কটা আৰু অনিয়ন্ত্ৰিত নিৰ্মাণ কাৰ্যৰ বাবে স্থানীয় তাপমাত্রা আৰু বায়ুপ্ৰবাহৰ স্থানীয় ব্যৱস্থাও পৰিৱর্তিত হৈছে, যি স্থানীয়ভাৱে এনে সূক্ষ্ম-জলবায়ুজনিত চাপৰ সৃষ্টি কৰে।
উদ্বেগজনক কথাটো হৈছে ভাৰতত বৰ্তমান কেৱল পাহাৰীয়া অঞ্চলতেই নহয়, সমভূমি আৰু অৰ্ধ-পাহাৰীয়া অঞ্চলতো অতি তীব্র বৰষুণৰ এনে ঘটনা দেখিবলৈ পোৱা গৈছে। উদাহৰণস্বৰূপে ২০২৪ চনৰ জুন মাহৰ শেষৰ পিনে দেশৰ ৰাজধানী চহৰ দিল্লীত ২৪ ঘণ্টাৰ ভিতৰতে প্ৰায় ২২৮.১ মিলিমিটাৰ বৰষুণ হৈছিল। আনহে নালাগে গুৱাহাটীতে এইবাৰ অতি প্ৰৱল বৰষুণৰ ঘটনা সঘনাই ঘটিব ধৰিছে৷ ২০২৪ৰ আগষ্ট আৰু ২০২৩ৰ মে’ মাহতো গুৱাহাটীত মাত্ৰ ১-২ ঘণ্টাৰ ভিতৰত ১০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান আৰু পাহাৰীয়া ঢলৰ স্মৃতিও অনেকৰ মনৰ পৰা হয়তো এতিয়াও মাৰ যোৱা নাই৷
বিগত জুলাই মাহৰ দ্বিতীয় পষেকত নাজিৰা, চৰাইদেউ, শিৱসাগৰত জলপ্ৰলয়ৰ সূচনা কৰা নাগালেণ্ডৰ প্ৰবল বৰষুণৰো আঁৰত আছিল এইবোৰ কথা৷ ই ‘ডাৱৰ বিস্ফোৰণৰ পর্যায়লৈ যোৱা নাছিল’ বুলি বিভাগীয় কর্তৃপক্ষই নিশ্চিত কৰিলেও এনে অতি প্ৰবল বৃষ্টিৰ আঁৰত গোলকীয় উষ্ণতা বৃদ্ধি আৰু বায়ুমণ্ডলে ধাৰণ কৰা অধিক জলীয় বাস্পই দায়ী, সেইকথা সকলোৱে অনুধাৱন কৰা ভাল৷