সাহিত্যৰথীৰ পত্নী প্ৰজ্ঞা সুন্দৰী দেবী আছিল ৰবিন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ সদস্যা৷ তেওঁ অসমীয়া ভাষাতো লিখা-মেলা কৰিছিল৷ এয়া তেনে এখন ৰচনা— এটি সাধুকথা, শিৰোনাম মইনা আৰু কাউৰী
দক্ষিণৰপৰা বা ছাতি ধীৰে ধীৰে ভৈয়ামলৈ বৈছে। দূৰণিত হাঁহবিলাকে চক্রাকাৰে মালা গাঁঠি গাঁঠি উৰি দূৰ-দূৰান্তৰ দেশলৈ গৈছে। পানীপিয়া, হেঁটুলুকা আদি নানা তৰহৰ ধুনীয়া ধুনীয়া চৰাইবোৰ সাৰি পাতি পৰ্ব্বতৰ শিলৰপৰা নামিছে। সকলোৱেই উদ্যত হৈছে যাবলৈ। নিজৰ মনত নিজৰ দেশখন এৰি গুচি গৈছে। কিন্তু এটি মইনা চৰায়ে উদাসীনভাবে গছৰ ডালত বহি চাই থাকে; হাঁহবোৰ উৰি যোৱা। তাকে চাই চাই তাই ভাবে কত কথা, আৰু লগে লগে এটা হুমুনিয়াহ পেলাই তাই আপোন পাহৰা হয়।
এদিন তাইৰ সখীয়েকে এন্ধাৰ হলত ঘৰলৈ উভতি আহে আৰু মইনাক বেজাৰ মনেৰে বহি থকা দেখি সুধিলে; “মইনা, তোমাৰ কি হৈছে? মোক দেখি যে আজি মাত এষাৰো মতা নাই!” মইনাই ক’লে, “মোৰ নো কি হ’ব? সৌৱা চোৱাঁচোন ভৈয়ামলৈ দক্ষিণৰ বতাহ ববলৈ ধৰিছে। মোৰো আৰু এই শুকান খৰখৰীয়া পৰ্ব্বতত থাকিবলৈ মন নোহোৱা হৈছে। আকৌ সৌ অসংখ্য চৰাইবোৰলৈ চোৱাঁ। সেই অকণমান চৰাইটোৰপৰা ডাঙ্গৰ ৰাজহাঁহটোলৈকে সকলোৱে নিজ নিজ ঘৰ পাতিবলৈ দূৰ দূৰান্তলৈ যাবলৈ ওলাল। আমি যে আৰু কিমান দিন ইয়াত থাকিব লাগিব কোনে জানে? মোৰ মনৰ আনন্দ একেবাৰে শুকাই গ’ল। মোৰ যি মিঠা মাতেৰে পৰ্ব্বতীয়া পশুপক্ষীবোৰক ইমান দিন আনন্দ দিছিলোঁ সেই মিঠা মাত আজি মোৰ কি হ’ল সখি? মোৰ আজি কি অৱস্থা হ’ব, সখি?” সখীয়েকে তেতিয়া কবলৈ ধৰিলে; “সখি, এই অমূলক কথাবোৰ এনেয়ে কিয় মিছাকৈ ভাবি আছা? আমাৰ এতিয়াও বিদেশলৈ যাবৰ সময় হোৱা নাই। তুমি ইয়াৰপৰা ক’লৈ যাবা একো ঠিক নাই। হাঁহবিলাকৰ কথা বেলেগ৷ গীততে আছে—

‘কোন মুলুকসে আয়সি হংসা
উৎৰঙ্গা কোন ঘাট।৷’
হাঁহবোৰৰ যি ফালে ইচ্ছা সেইফালে গুচি যায়।”কিন্তু মইনা তাইৰ সখীয়েকৰ কথাত পতিয়ন নগল। এদিন ৰাতিপুৱাৰে পৰা নোখোৱা নোবোৱাকৈ থাকি হঠাতে উধাতু খাই উৰি কৰবালৈ গুচি গ’লগৈ। মইনাই নিজেই বুজিব নোৱাৰিলে তাইনো কলৈ যাবলৈ ওলাইছে। কিমান পর্ব্বত, নদী, বন, হ্ৰদৰ ওপৰেদি কোনে জানে কোন দেশ দেশান্তৰ তাই গুচি গৈছে।
এনেকৈ আকাশ পথেৰে গৈ থাকোতে বেলিমাৰৰ ৰঙীন দৃশ্য চকুত পৰি তাই সখিয়েকক সুঁৱৰিবলৈ মন কৰিলে। কিন্তু তথাপি তাই একেদৰেই গৈয়েই থাকিল৷
শেষত গৈ তাই ওখ পাহাৰ এটাৰ ওপৰত বহি পৰিল। দূৰৰপৰা তাই দেখে ঠাই এডোখৰত অসংখ্য চৰায়ে মহা কোলাহল কৰি উৰি ফুৰিছে। এনেবোৰ কথা দেখি মইনাৰ মনত কেতিয়াবা ভাল লাগে আকৌ কেতিয়াবা ভয়ত আতুৰ হৈ পৰে। তথাপি তাই সাহসত ভৰ দি সেই কোলাহলপূর্ণ ঠাইডোখৰ লক্ষ্য কৰি আগবাঢ়িবলৈ ধৰিলে। যেতিয়া ওচৰ চাপোঁ চাপোঁ হৈছে এনেতে দূৰৰপৰা তাই দেখা পালে যে এজোপা প্রকাণ্ড আঁহত গছৰ ওপৰৰপৰা এই কলৰৱটো আহিছে৷ তেতিয়াহে আঁহত গছ জোপা দেখি মইনাৰ অলপ সাহ হ’ল। তাই ক্রমে আগবাঢ়িগৈ ওচৰ পাই বুজিলে যে চৰাইবোৰে নিজৰ বাহ বিচাৰি উলিয়াব নোৱৰা কাৰণেই ইমান হুলস্থুল লগাইছে। মইনায়ো সেইফাললৈকে আগবাঢ়ি যাবলৈ ধৰিলে। কিন্তু ইফালে বেলি মাৰ যাবৰ পৰ হোৱা দেখি সিহঁতক আৰু লগ ধৰা নহল। তাই সেই গছ জোপাৰে এটি কোণত পাতৰ আঁৰত বহি ৰাতিটো কটাই দিলে।
ইয়াৰ পিছদিনা মইনাক কোনে পায়। পুরাতে উঠি মহা ব্যস্ত হৈ গছৰ চাৰিওফালে উৰি ফুৰিবলৈ ধৰিলে। সুবিধা চাই এডোখৰ ঠায়ো বিচাৰি ললে।
ওখ আঁহত জোপাৰ দুটা ডালৰ ফেৰেঙণিত বাচি বাচি বাহ সাজিবলৈ এডোখৰ ঠাই উলিয়ালে। সঁচাকৈয়ে তাইৰ বাহ সজা ঠাইডোখৰ বৰ সুবিধাজনক আছিল। ডালবোৰ এনেভাবে আছিল যাতে আন কোনো চৰায়ে তাইৰ অনিষ্ট কৰিব নোৱাৰে। ডালৰ ওপৰত তাইৰ বাহ গছৰ পাতেৰে এনেভাৱে ঢকা আছিল যে বতাহে তাইৰ বাহৰ কুটা এডালো লৰাব নোৱাৰিছিল। বাৰিষাও বাহ তিতিবৰ কোনো ভয় নাছিল। মইনাৰ নিজ জীৱন যাপনৰ ঠাই ঠিক হৈ গ’ল।
এইবাৰ মইনাই এটা ঘৰ সাজিবলৈ মন মেলিলে। ওৰেদিনটো উৰি ফুৰি তাই ঘাঁহ পাত, খেৰ কুটা আদি গোটাই আনি বাহসজা আৰম্ভ কৰি দিলে। লাহে লাহে বাহৰ ঘেৰটো তৈয়াৰ কৰি পেলালে; কিন্তু ভিতৰখন কোমল কৰিবলৈ নহল। তাত কণী পাৰি ৰাখিব কেনেকৈ? সেইকাৰণে তাই আকৌ গছৰ আঁহ, পাট সুতাকে আদি নানা তৰহৰ সামগ্ৰী আনি তাইৰ বাহটিৰ ভিতৰত দি কোমল কৰিবলৈ ধৰিলে। এইবাৰ ঘৰটো দেখিবলৈ ধুনীয়া কৰাৰ সময় আহিল। যতে ভাল চক্কীয়া বস্তু এফেৰি পাই, তাকে বুটলি আনি তাইৰ বাহটো সুন্দৰকৈ সজায়। সকলো সামর্থ দি তাই বাহটি ধুনীয়াকৈ সাজি উলিয়ালে৷ লগে লগে তাইৰ মনত পৰিল সখীয়েকলৈ। সখীয়েকক বিচাৰিবৰ কাৰণে তাই ওলাই গ’ল, কিন্তু কতো সখীৰ সন্ধান নিমিলিল। অৱশেষত তাই আহি তাইৰ বাহটোৰ ওচৰতে বহি পৰিলহি। হা-হুতাশ কৈ হুমুনিয়াহ পেলাবলৈ ধৰিলে। নিজমনে বিৰহৰ গান গাবলৈ ধৰিলে। গধূলি বেলিকা তাই নিজৰ বাহলৈ উভটি আহে।
মইনাই বাহত পাৰিলে দুটা কণী। বহাগ মাহ আহি পৰিলহি, লগে লগে মইনাৰ বস্তুবাহানিও যোগাৰ কৰিবৰ সময় হলহি। পিচে কণীকেইটা বাহত এৰিথৈ তাই যাই কলৈ? দিনে-ৰাতিয়ে কেৱল কণীকেইটাৰ ওপৰতে বহি বহি কটায়। কিছুদিনৰ পিছত তাইৰ দুটা পোৱালী হ’ল।
কাউৰী এজনীয়ে আকৌ দূৰৈৰ ডাল এটাত বহি মইনাৰ কাৰ্য্যকলাপবোৰ নিৰিক্ষণ কৰি থাকে। অকণমান মইনাপোৱালী দুটিৰ কাৰণে কাউৰীৰ লোভ লাগিল। তাই ভাবিলে, “মইনাজনীৰ যদি এবাৰ মাথোন বাহৰ পৰা আতৰ হৈ যায়, তেন্তে একে যোটতে মই পোৱালী দুটা ঠিক কৰিম।” সেই বুদ্ধিৰে তাই মইনাজনীক ফুচুলাবলৈ আৰম্ভ কৰিলে “তইনো বাৰু এবাৰো বাহিৰলৈ ওলাব নেপাৱনে? মই বাৰু তোৰ পোৱালীকিটা ৰখি থাকোঁ, তই যা ইফালে সিফালে অলপ ঘূৰি পকি আহগৈ।“ মইনাই কিন্তু কাউৰীৰ অভিপ্রায় বুজে। তাই অবজ্ঞা কৰি ক’লে। হেৰ কাউৰী, মই জানোঁ তই বৰ টেঙৰ। মই ফুৰিবলৈ গলেই তই মোৰ পোৱালী কেইটা খাই পেলাবি। মই কেতিয়াও মোৰ পোৱালীকিটা এৰি নাযাওঁ।”তেতিয়া মইনাই গালে—
“হাওৱা চলে গি তো উড় জায়াংগি ম্যায়;
ময়না টুনুৰ্ টুনুৰ্।
পানী বৰ্ষোগা তো ৱহি জায়াংগি ম্যায়;
ময়না টুনুৰ্ টুনুৰ্।
ধূৰ্ত্তলোকৰ মিঠাকথাত কেতিয়াও বিশ্বাস নকৰিবা।
এই লেখাটো ‘সাধুকথা’ হিচাপে বাঁহী আলোচনীৰ ২৮শ বছৰৰ জেঠ সংখ্যাত (শংকৰাব্দ ৪৯২, শক ১৮৬৩) প্ৰকাশ পাইছিল৷ পুনৰ প্ৰকাশৰ সময়ত মূল বানানত কোনো হাত ফুৰুৱা হোৱা নাই৷ সংলগ্ন ফটোখন এ আইৰ জৰিয়তে কৰা পুনঃসৃষ্টি৷