brahmaputrapost.com

ফিফাকেন্দ্ৰীক বিতৰ্ক: ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ চিন্তা , প্ৰশ্নৰ মুখত ফিফাৰ বাণিজ্য নীতি

1

বিশ্ব ফুটবলৰ নিয়ন্ত্ৰক সংস্থা ফিফা (FIFA) পুনৰ এক বৃহৎ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। ফিফাৰ নিয়ন্ত্ৰণহীন বাণিজ্যিকীকৰণ, নতুন প্ৰতিযোগিতাৰ সম্প্ৰসাৰণ, বিতৰ্কিত আয়োজক দেশ নিৰ্বাচন আৰু খেলুৱৈসকলৰ অত্যধিক শাৰীৰিক চাপক কেন্দ্ৰ কৰি‍ ইউৰোপীয় ফুটবল সংস্থাসমূহৰ মাজত প্ৰবল ক্ষোভৰ সৃষ্টি হৈছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে কেবাখনো শক্তিশালী ইউৰোপীয় দেশে ফিফাৰ একছত্ৰী নীতিৰ বিৰুদ্ধে বিশ্বকাপ বৰ্জন বা সংস্কাৰমূলক আন্দোলনৰ পথ লোৱাৰ কথা চিন্তা-চৰ্চা কৰিছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ ফিফাই তেওঁলোকৰ উপাৰ্জন বৃদ্ধিৰ লক্ষ্যৰে ক্ৰীড়াৰ মূল সূচীত ব্যাপক ৰূপান্তৰ আনিছে৷ শেহতীয়াকৈ ২০২৬ চনৰ বিশ্বকাপৰ পৰা ৩২ খন দেশৰ সলনি ৪৮ খন দেশক সুযোগ দিয়াৰ সিদ্ধান্তই সম্প্ৰচাৰ আৰু বিজ্ঞাপনৰ জৰিয়তে ধন ঘটাৰ ৰাস্তা খুলিছে যদিও প্ৰতিযোগিতাখনৰ গুণগত মান হ্ৰাস পোৱাৰ আশংকাক লৈ সমালোচনা হৈছে। আনহাতে ৩২ টা দলক লৈ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এখন নতুন অতিৰিক্ত ক্লাৱ বিশ্বকাপ আয়োজনৰ পথো সুগম কৰা হৈছে।

স্বাভাৱিকতে ইউৰোপীয় ক্লাব ফুটবল সন্থাসমূহে এই অভিযোগ তুলিছে যে, ফিফাই মাত্ৰ বিত্তীয় লাভালাভৰ বাবে ফুটবলৰ মূল আত্মা আৰু খেলুৱৈসকলৰ স্বাস্থ্যৰ কথা পাহৰি গৈছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে ইউৰোপীয় ফুটবল সংস্থা (UEFA) আৰু ইয়াৰ অন্তৰ্গত বহুকেইখন শক্তিশালী দেশ—যেনে জাৰ্মানী, নৰৱে’, নেদাৰলেণ্ডছ, ডেনমাৰ্ক আৰু ইংলেণ্ড—ফিফাৰ কাৰ্যপদ্ধতিৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে৷

লক্ষণীয়ভাৱে কাটাৰ বিশ্বকাপৰ পৰা আৰম্ভ কৰি ভৱিষ্যতৰ ২০৩৪ চনৰ চৌদী আৰৱ বিশ্বকাপ হস্তান্তৰৰ প্ৰক্ৰিয়াত মানৱ অধিকাৰৰ উলংঘন সম্পৰ্কে তোলা প্ৰশ্নক ফিফাই এৰাই চলা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এনে প্ৰে‍ক্ষাপটত নৰৱে’ আৰু ডেনমাৰ্কৰ দৰে দেশৰ ফুটবল ব’ৰ্ডে মুকলিকৈ প্ৰকাশ কৰিছে যে যদি ফিফাই সংস্কাৰ সাধন নকৰে আৰু একছত্ৰী শাসন চলাই থাকে, তেন্তে তেওঁলোকে ইউৰোপীয় দেশসমূহক একত্ৰিত কৰি বিশ্বকাপৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

ইপিনে বিশ্বজুৰি ফুটবল খেলুৱৈসকলৰ সংগঠন FIFPRO আৰু ইউৰোপীয় লীসমূহৰ তৰফৰ পৰাও ফিফাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰস্তুতি চলোৱা হৈছে। তেওঁলোকৰ আপত্তিৰ কাৰণ কেইবাটাও৷ প্ৰথম আপত্তি, নিৰৱিচ্ছিন্ন মেচ আৰু দীঘলীয়া যাত্ৰাৰ ফলত তাৰকা খেলুৱৈসকল গুৰুতৰ শাৰীৰিক আঘাতত ভুগিবলৈ ধৰিছে। দ্বিতীয়তে, গ্ৰীষ্মকালীন বন্ধৰ সময়তো প্ৰতিযোগিতা আয়োজন কৰাৰ ফলত খেলুৱৈসকলে মানসিক আৰু শাৰীৰিক অৱসাদৰ সন্মুখীন হৈছে।‍ ইংলেণ্ড আৰু স্পেইনৰ কেবাজনো শীৰ্ষ পৰ্যায়ৰ খেলুৱৈয়ে অভিযোগ কৰিছে যে খেলুৱৈসকলৰ মতামত নোলোৱাকৈ সূচী প্ৰস্তুত কৰা হৈছে আৰু প্ৰয়োজন হ’লে খেলুৱৈসকলে ধৰ্মঘট (Strike) কৰিবলৈ বাধ্য হ’ব।

সিমানেই নহয়, ফিফাৰ ৰাজনৈতিক আৰু আৰ্থিক সম্পৰ্কসমূহ সদায় বিতৰ্কিত। ধাৰাবাহিকভাৱে কোটি কোটি ডলাৰ বিনিয়োগ কৰিব পৰা দেশসমূহক আয়োজনৰ অধিকাৰ দিয়াৰ প্ৰক্ৰিয়াক লৈ বিশ্বজুৰি প্ৰশ্ন উত্থাপন হৈছে। ২০৩৪ চনৰ বিশ্বকাপ একমাত্ৰ অৰ্থনৈতিকভাৱে শক্তিশালী চৌদী আৰৱক উপহাৰ দিয়াৰ প্ৰক্ৰিয়াক লৈ ইউৰোপীয় সংবাদ মাধ্যমত ফিফাক ব্যৱসায়িক স্বাৰ্থ সুৰক্ষিত কৰা সংস্থা বুলি কটাক্ষ কৰা হৈছে।

কার্যতঃ ফুটবল কেৱল ব্যৱসায় নে ক্ৰীড়া প্ৰীতি এই প্ৰশ্নই এতিয়া ইউৰোপ তথা সমগ্ৰ বিশ্বতে দেখা দিছে। ইউৰোপীয় দলসমূহ নাথাকিলে বিশ্বকাপৰ আৱেগ আৰু মান যে যথেষ্ট হ্ৰাস পাব, সেই কথা ফিফাই সৰ্বতোপ্ৰকাৰে‍ উপলব্ধি কৰা উচিত। ফিফাক তেওঁলোকৰ খেয়াল-খুচি মতে লোৱা ব্যৱসায়িক নীতি পুনৰ্বিবেচনা কৰিবলৈ আৰু ক্ৰীড়াৰ স্বাৰ্থক প্ৰথম অগ্ৰাধিকাৰ দিবলৈ ইউৰোপীয় দেশসমূহে সৃষ্টি কৰা এই চাপ ফুটবোলৰ ইতিহাসত এক ডাঙৰ মোৰ বুলি‍ প্ৰমাণিত হ’ব পাৰে।

1 Comment
  1. […] আৰু পঢ়ক : ফিফাকেন্দ্ৰীক বিতৰ্ক: ইউৰোপীয় দেশসম… […]

Leave A Reply

Your email address will not be published.