বিশ্ব ক্ৰীড়া জগতৰ সবাতোকৈ আকৰ্ষণীয় আৰু বৃহৎ আয়োজন হৈছে ফিফা বিশ্বকাপ ফুটবল। প্ৰতিটো সংস্কৰণতে ফুটবল প্রেমীসকলৰ উন্মাদনা আৰু ব্যৱসায়িক গুৰুত্ব নিৰন্তৰ বৃদ্ধি পাই আহিছে। কিন্তু ২০২৬ চনৰ জুলাই মাহৰ শেষৰপিনে ফিফাৰ (FIFA) সভাপতি জিয়ানী ইনফাণ্টিনোৰ (Gianni Infantino) এক অভূতপূৰ্ব পৰিকল্পনাই বিশ্ব ফুটবল জগতত অভাৱনীয় বিতৰ্ক আৰু অস্থিৰতাৰ সৃষ্টি কৰে। বিশ্বকাপ ফুটবলৰ ব্যৱসায়িক অধিকাৰ আৰু অংশীদাৰিত্ব ব্যক্তিগত বিনিয়োগকাৰী প্ৰতিষ্ঠানলৈ বিক্ৰী কৰা বা হস্তান্তৰ কৰাৰ যি পৰিকল্পনা ফিফাই গ্ৰহণ কৰিব বিচাৰিছিল, সি সমগ্ৰ ফুটবল জগততে খলকনি তুলিলে। অৱশেষত ইউৰোপ, এছিয়া আৰু অন্যান্য মহাদেশীয় ক্ৰীড়া সংস্থাসমূহৰ চৰম প্ৰতিবাদৰ মুখত পৰি ফিফাই নিজৰ সিদ্ধান্তৰ পৰা পিছুৱাই আহিবলৈ বাধ্য হ’ল।
সভাপতি জিয়ানী ইনফাণ্টিনোৰ নেতৃত্বত ফিফাই বিশ্বকাপৰ ব্যৱসায়িক আৰু বিত্তীয় গাথনিলৈ আমূল পৰিৱৰ্তন আনিবলৈ এক বিশেষ ‘বিক্ৰী পৰিকল্পনা’ৰ পথ প্ৰশস্ত কৰাৰ বাবেই এই বিতর্কৰ আৰম্ভণি ঘটিছিল৷ পৰিকল্পনাৰ মূল উদ্দেশ্য আছিল পুঁজি সংগ্ৰহৰ নিমিত্তে বিদেশী ব্যৱসায়িক প্ৰতিষ্ঠানক বিশ্বকাপৰ বিপণন তথা সম্প্রচাৰৰ গুৰুত্বপূৰ্ণ অধিকাৰ হস্তান্তৰ কৰা।

পিছে এই সিদ্ধান্ত ৰাজহুৱা হোৱাৰ লগে লগে বিশ্ব ফুটবল সংস্থাসমূহৰ মাজত এক অচলাৱস্থাৰ সৃষ্টি হয়। স্বাভাৱিকতে এই সপ্তাহটো ‘বিশ্ব ফুটবলক কঁপাই তোলা সপ্তাহ’ৰূপে পৰিগণিত হয়। ক্ৰীড়া বিশেষজ্ঞসকলৰ মতে, ইনফাণ্টিনোৰ এই পদক্ষেপ কেৱল এক বিত্তীয় সিদ্ধান্তই নাছিল, বৰঞ্চ ই আছিল ফুটবলৰ স্বায়ত্তশাসন আৰু ঐতিহ্যৰ ওপৰত পোনপটীয়া আঘাত।
ইনফাণ্টিনোৰ এই বাণিজ্যিক আগ্ৰাসনৰ বাতৰি প্ৰকাশৰ লগে লগে ইউৰোপীয় ফুটবল সংস্থা ইউৱেফা (UEFA), এছিয়ান ফুটবল কনফেডাৰেচন (AFC), আৰু ফুটবল অষ্ট্ৰেলিয়াৰ (Football Australia) দৰে বৃহৎ আঞ্চলিক সংস্থাসমূহে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিবলৈ লয়৷ ইউয়েফাই স্পষ্ট কৰি দিয়ে যে বিশ্বকাপ ব্যক্তিগত বিনিয়োগকাৰীৰ লাভৰ আহিলা হ’ব নোৱাৰে। এনে পৰিকল্পনাই আঞ্চলিক প্ৰতিযোগিতাবোৰৰ মূল্য হ্ৰাস কৰাৰ লগতে ক্লাব ফুটবলৰ গাঁথনিত বিৰূপ প্ৰভাৱ পেলাব।
সমান্তৰালভাৱে এছিয়া আৰু ওচেনিয়া অঞ্চলৰ সংস্থাসমূহেও ফিফাৰ এই একপক্ষীয় সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰে। ফুটবল অষ্ট্ৰেলিয়া আৰু এ এফ চিয়ে যৌথভাৱে জানিবলৈ দিয়ে যে ফুটবলৰ মৌলিক স্বাৰ্থ আৰু সমতা সুৰক্ষিত নকৰাকৈ এনেধৰণৰ ব্যৱসায়ীকৰণ গ্ৰহণযোগ্য নহয়। বিশ্বৰ আগশাৰীৰ ফুটবল ক্লাব, খেলুৱৈ সন্থা আৰু সমৰ্থকসকলেও এই পৰিকল্পনাক ক্ৰীড়াসুলভ মূল্যবোধৰ পৰিপন্থী বুলি গণ্য কৰি বিশ্বজুৰি প্ৰতিবাদৰ জোৱাৰ তোলে।
এনেদৰে সকলো দিশৰ পৰা অহা চৰম হেঁচা, আইনী ব্যৱস্থা গ্ৰহণৰ ভাবুকি আৰু বিশ্ব ফুটবলৰ পৰিচালনা ব্যৱস্থাত ভাঙোন ধৰাৰ আশংকাত অৱশেষত ফিফা আৰু জিয়ানী ইনফাণ্টিনো পিছুৱাই আহিবলৈ বাধ্য হয়। পহিলা আগষ্টৰ দিনা ফিফাই বাধ্য হৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে বিশ্বকাপৰ সংস্কাৰ আৰু অধিকাৰ বিক্ৰী সংক্ৰান্তীয় সকলো বিতৰ্কিত পৰিকল্পনা সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে। ফিফাৰ এই পিছুৱাই অহাৰ সিদ্ধান্তক স্বাভাৱিকভাৱেই বিশ্ব ফুটবল সম্প্ৰদায়ে এক ডাঙৰ বিজয় হিচাপে গণ্য কৰিছে। ফুটবল অষ্ট্ৰেলিয়া আৰু এ এফ চিয়েও ফিফাৰ সিদ্ধান্তক আদৰণি জনাইছে।
আৰু পঢ়ক : ফিফাকেন্দ্ৰীক বিতৰ্ক: ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ চিন্তা , প্ৰশ্নৰ মুখত ফিফাৰ বাণিজ্য নীতি
এই সমগ্ৰ ঘটনাই বিশ্ব ফুটবল পৰিচালনাৰ ক্ষেত্ৰখনত কেতবোৰ গুৰুত্বপূৰ্ণ শিক্ষা আৰু প্ৰশ্নৰ অৱতাৰণা কৰিলে৷ প্ৰথমতে ই ফিফা সভাপতি হিচাপে জিয়ানী ইনফাণ্টিনোৰ একপক্ষীয় সিদ্ধান্ত গ্ৰহণৰ ধাৰা যে মহাদেশীয় সংস্থাসমূহে আৰু সহ্য নকৰে, সেয়া স্পষ্ট কৰিলে৷ দ্বিতীয়তে, ফুটবলত পৰম্পৰা আৰু বাণিজ্যৰ ভাৰসাম্য অটুট থকাটো নিশ্চিত হ’ল৷ অর্থাৎ ফুটবলৰ অৰ্থনৈতিক উন্নয়ন প্ৰয়োজনীয় যদিও তাৰ নামত ক্ৰীড়াৰ আত্মা আৰু পৰম্পৰাক যে বিক্ৰী কৰিব নোৱাৰি, সেয়া প্ৰতিপন্ন হ’ল৷ সবাতোকৈ গুৰুত্বপূর্ণ কথা, ইয়াৰ মাজেৰে আঞ্চলিক সংস্থাসমূহৰ ঐক্য প্ৰমাণিত হ’ল৷ ইউৱেফা, এ এফ চি আদিকে ধৰি ধৰি বিভিন্ন মহাদেশীয় সংস্থাসমূহৰ ঐক্যবদ্ধ প্ৰতিবাদে প্ৰমাণ কৰিলে যে ফুটবলৰ শক্তিশালী গাথনি এতিয়াও সু-সংহত হৈয়েই আছে।
ফিফাৰ বিশ্বকাপ বিক্ৰীৰ পৰিকল্পনা বাতিল হোৱাৰ ঘটনাই বিশ্ব ফুটবলত এক নতুন ৰেখাংকন ঘটালে। ক্ৰীড়া জগতত অতি-বাণিজ্যিকীকৰণৰ প্ৰচেষ্টাক ৰোধ কৰি ফুটবলক অনুৰাগী, খেলুৱৈ আৰু ঐতিহ্যৰ সৈতে বান্ধি ৰখাৰ ক্ষেত্ৰত এই প্ৰতিবাদ ফলপ্ৰসু আৰু ঐতিহাসিক বুলি প্ৰমাণিত হ’ল। ইনফাণ্টিনোৰ পিছুৱাই অহাৰ ঘটনাই ভৱিষ্যতে ফিফাক যিকোনো বৃহৎ সিদ্ধান্ত লোৱাৰ পূৰ্বে অধিক গণতান্ত্ৰিক আৰু স্বচ্ছ হ’বলৈ বাধ্য কৰাব। আৰু হয়তো আন সংগঠনেও এনে কৰাৰ পূর্বে দুবাৰ ভাবিব৷