‘‘দিচাংমুখৰ এবাটি আপং
পান কৰি
পাহৰিব পাৰি জীৱনৰ সৰ্বস্ব বিষাদ
অথবা উজ্জ্বীৱিত কৰিব পাৰি সমস্ত শৰীৰ
কেৱল তেনেকৈ ভাবি নাহিবা
মোৰ বুকুৰ বান্ধৈ’’
কি এক আহ্বান এই স্তৱকটিৰ— দিচাংমুখ মানে কেৱল আপং খোৱাৰ থলী নহয়, আপং খাই শৰীৰ উজ্জ্বীৱিত কৰাৰ স্থান নহয়৷ ইয়াৰ মানুহ নদীৰ দৰে উদাৰ, দিচাংমুখৰ মানুহৰ অৰণ্যৰ দৰে কোনো আক্ষেপ নাই ৷ ঠাইখনলৈ নিমন্ত্ৰণ আছে : ‘‘সুখ-দুঃখৰ পোহাৰ মেলি/ সৃষ্টিৰ প্ৰেৰণা বুটলি/ সম্প্ৰীতিৰ সংশয় ৰোধিবলৈ / আহিবা মোৰ দেশৰ মানুহ৷’’ সকলো জনজাতিক আন্তৰিকতাৰে আঁকোৱালি লৈ বহল উদাৰ অসমীয়া সমাজৰ ভেটি গঢ়িবলৈ ১৯২০ৰ দশকতে মহীচন্দ্ৰ মিৰিয়ে কৰা আহ্বানৰেইতো এয়া আছিল প্ৰতিধ্বনি— ৰোধ কৰিব লাগিব ‘সম্প্ৰীতিৰ সংশয়‘! আৰু সেইবাবেই ১৯৯৮ত গংগামোহন মিলি নামৰ তৰুণ কবিজনৰ ‘দিচাংমুখৰ এবাটি আপং’ নামৰ কাব্য সংকলনটিয়ে প্ৰকাশৰ লগেলগেই কাব্যপ্ৰাণৰ মাজতেই নহয়, সমাজৰ বহু শুভচিন্তকৰ মনতো খলক তুলিছিল৷ সেই কবিতা সংকলনটিয়ে ২৫ বছৰ অতিক্ৰম কৰিছে—আৰু শেহতীয়াকৈ প্ৰকাশ পাইছে সংকলনটিৰ পঞ্চম সংস্কৰণ৷ ‘দিচাংমুখৰ এবাটি আপং’ কাব্যগ্ৰন্থৰ প্ৰতি অসমীয়া কাব্যৰসিকৰ এই সঁহাৰি ধেমালি নহয়!
অসমীয়া কাব্যক্ষেত্ৰতে দিচাংমুখ আৰু গংগামোহন যেন সমাৰ্থক৷ এই সংকলনৰ বাবেই দিচাংমুখে অনেকক বিশেষভাৱে মাতিছিল৷ হোমেন বৰগোহাঞিৰ পৰা আজিৰ কোনো তৰুণলৈ প্ৰায় ত্ৰিশ বছৰ ধৰি দিছাংমুখৰ একেই আছে আন্তৰিক আমন্ত্ৰণ৷ এয়াই লোকজীৱনৰ শক্তি৷ এই লোকজীৱনক সাৰথি কৰিয়েই দিছাংমুখে বিক্ৰমসিং য়েইন, অনিল পাংগিং, অনুজ য়েইন, চেদি মেল’ৰ দৰে অনেক কবি-শিল্পী ওলাই আহিছে৷ দিছাংমুখে এই কবি-শিল্পীসকলক নিৰন্তৰ সাৰপানী যোগাই আহিছে৷ সেই দিছাংমুখেই গংগামোহনৰ স্ৰষ্টা৷ সেইবাবেইতো তেওঁ ক‘ব পাৰে, ‘‘আমি জন্মসূত্ৰে লাভ কৰিছিলোঁ /নদীক ভালপোৱাৰ বৰ্ণমালা /নিৰিবিলি আত্মীয়তাৰে স্নান কৰি /পাহৰি যাওঁ যন্ত্ৰণাৰ দিনলিপি৷’’
লোকজীৱনৰ শান্তিময় ৰূপতেই গংগামোহনৰ অৱগাহন৷ তেওঁৰ বাবে মানুহ আৰু প্ৰকৃতিয়েই কবিতাৰ প্ৰধান সমল৷ তেওঁ জানে, জীৱনত স্পন্দিত কবিতাই নাথাকে, থাকে ‘বিৰক্তিকৰ গদ্য, গল্প আৰু তিৰস্কাৰ’৷ তথাপি কবিতাই তেওঁৰ স্বপ্ন, সত্বা, বর্তমান—হয়তো ভৱিষ্যত৷ হেৰোৱা কবিতাৰ সন্ধানত ব্ৰতী গংগামোহনৰ বাবে কৃষিজীৱী সমাজখনৰ সৰলতাই আদর্শ৷ চৌপাশে ভোগ্য পণ্যৰ নিৰন্তৰ লোভনীয় আমন্ত্ৰণৰ মাজতো আধুনিক জীৱনৰ ভণ্ডামি-গোড়ামিৰ বিৰুদ্ধে তেওঁৰ আহিলা জনজীৱন৷ আৰু সেই লোকায়তী সমাজে গঢ়া কবিতা৷ গংগামোহনৰ এই আদর্শ, গড্ডলিকা প্ৰবাহৰ বিৰুদ্ধে তেওঁৰ স্থিতি অনুজৰ বাবে অনুপ্ৰেৰণা হওক৷ তেওঁৰ যাত্ৰাই সার্থকতা লাভ কৰক৷ এই সার্থকতাত যে নির্ভৰ কৰিছে বিভিন্ন জনজাতীয় সমাজৰ সমন্বয়েৰে ঠন ধৰি উঠা অসমীয়া সমাজৰো স্থায়িত্ব৷