পৃথিৱীখনত ক‘ৰবাত যদি গৰম, ক‘ৰবাত আকৌ বেছ ঠাণ্ডা নামে৷ ক‘ৰবাত যদি খৰাং, ক‘ৰবাত জলাশয়ৰে ভৰি থাকে৷ পিছে ঠাই যেনেকুৱাই নহওক, সকলোতে বিভিন্ন প্ৰাণী থাকে৷ বৰফৰ দেশ এণ্টাৰ্কটিতাত থকা পেংগুইনৰ কথা আমি কম বেছি পৰিমাণে জানো৷ তাত ছীলৰ দৰে প্ৰাণীও থাকে৷ এনেদৰে অতি ঠাণ্ডা ঠাইত থকা দুবিধ প্ৰাণী হ‘ল হিমালয়ৰ য়াক আৰু বৰফৰ নাহৰফুটুকী৷
চিৰিয়াখানত আমি সকলোৱে নাহৰফুটুকী দেখিছোঁ৷ অসমৰ প্ৰায়বোৰ অৰণ্যতে নাহৰফুটুকী আছে৷ গুৱাহাটী চহৰতো কেতিয়াবা নাহৰফুটুকী ওলোৱাৰ খবৰ পঢ়িবলৈ পাওঁ৷ এই প্ৰাণীবিধৰে এটা প্ৰজাতি বৰফে ঢ়াকি ৰখা অতি ওখ পাহাৰত বাস কৰে৷ আফগানিস্তান, ভুটান, চীন, ভাৰত, কাজাকস্তান, কিৰ্গিস্তান, মংগোলিয়া, নেপাল, পাকিস্তান, ৰাছিয়া, তাজিকিস্তান আৰু উজবেকিস্তানৰ বৰফে ঢকা ওখ পাহাৰত বাস কৰা এনে নাহৰফুটুকীবিধক ‘স্ন‘ লিঅ‘পাৰ্ড’ বুলি কোৱা হয়৷ ইহঁতৰ দেহৰ দৈৰ্ঘ্য ৪ ফুট ৩ ইঞ্চি পৰ্যন্ত হয়৷ নেজদাল ৩ ফুটতকৈও বেছি দীঘল হ‘ব পাৰে৷ দেহৰ গড় ওজন ৩৫-৪৫ কিলোগ্ৰাম হয়৷ ছাল বগা নোমেৰে আৱৰা৷ তাত ক‘লা ফুটুকাফুটুকি থাকে৷ বৰফৰ ৰঙৰ সৈতে মিলি থাকি ইহঁতে অতৰ্কিতে চিকাৰ কৰে৷ ইহঁতক টলকিব নোৱাৰি বাবে ‘স্ন‘ লিঅ’পাৰ্ড’ক ‘পাহাৰৰ ভূত‘ বুলিও কোৱা হয়৷
‘স্ন‘ লিঅ’পাৰ্ড’ৰ পিছ ঠেং দুখন বৰ সবল৷ তাত ভৰ দি ইহঁতে দেহৰ দৈৰ্ঘ্যৰ ছগুণলৈকে জঁপিয়াব পাৰে৷ পাহাৰৰ ওখ হেলনীয়া ঢালতো সহজেই বগাব পাৰে৷ ইহঁতে আন নাহৰফুটুকীৰ দৰে গৰ্জন কৰিব নোৱাৰে৷ মিওঁ মিওঁকৈহে মতাৰ লগতে গোৰগোৰাইহে থাকিব পাৰে৷ ইহঁতে নিজৰ দেহৰ ওজনৰ তিনিগুণ ওজনৰ প্ৰাণীও চিকাৰ কৰিব পাৰে৷ পৰ্বতৰ অতি ওখ ঠাইত থকা ছাগলী, ভেৰা আৰু সৰু স্তন্যপায়ী প্ৰাণী ইহঁতে চিকাৰ কৰি খায়৷ এবাৰত পাঁচটালৈকে পোৱালী জন্ম দিব পাৰে৷ পিছে এবছৰলৈকে পোৱালীবোৰে মাকৰ যত্নতহে ডাঙৰ হয় আৰু চিকাৰ কৰি খাবলৈ শিকে৷

এই প্ৰাণীবিধ অতি ওখ ঠাইত থাকিলেও ইহঁতৰ সুন্দৰ নোমাল ছালখনৰ বাবে মানুহৰ অত্যাচাৰৰ বলি হৈছে৷ মানুহৰ অত্যাচাৰ আৰু খাদ্যৰ অভাৱত এতিয়া পৃথিৱীত ৬,৫০০টা মানহে বৰফৰ নাহৰফুটুকী বাছি ৰৈছেগৈ বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷
বৰফৰে আৱৰা হিমালয়ত থকা এনে আন এবিধ গুৰুত্বপূৰ্ণ প্ৰাণী হৈছে হিমালয়ৰ য়াক৷ ডাঠ বৰফৰ লগতে সোঁ-সোঁৱাই বলি থকা বতাহৰ মাজত ইহঁতে বসবাস কৰে৷ সাগৰৰ পৃষ্ঠৰপৰা ৪ হাজাৰ মিটাৰ উচ্চতাত তাপমান হয় শূন্যৰো ৩০ ডিগ্ৰী তলত৷ এনে শীতল ঠাইত বসবাস কৰা য়াকৰ দেহাটো নোমাল ছালে আৱৰি ৰাখে৷ দেখিবলৈ এনে লাগে যেন ব্লেংকেট এখনহে লৈ আছে৷ ইহঁতক এই আৱৰণেই ঠাণ্ডা ঠাইত বসবাস কৰাৰ উপযোগী কৰি ৰাখিছে৷
একোটা য়াকৰ ওজন ৬০০ কিলোগ্ৰামলৈকে হয়৷ উচ্চতা ৬ ফুট ৫ ইঞ্চি৷ সেয়েহে ইহঁতক পাহাৰৰ বিশালদেহী প্ৰাণী বুলিও কোৱা হয়৷ ইহঁত সামাজিক প্ৰাণী৷ জাক পাতি বাস কৰা য়াকৰ একাটা জাকত এশলৈকে সদস্য থাকে৷ ইহঁতৰ জাকটোক আকৌ নেতৃত্ব দিয়ে এজনী মাইকী য়াকে৷ এইবিধ তৃণভোজী প্ৰাণী৷ গৰমকালি বৰফ গলিলে সেউজীয়া ঘাঁহ খায়৷ আনহাতে বৰফ পৰিলে জোঙাল শিঙৰে বৰফ ফালি ঘাঁহ বিচাৰি খায়৷ এই শিংযোৰেই য়াকক ‘স্ন’ লিঅ’পাৰ্ড’ দৰে আন প্ৰাণীৰ আক্ৰমণৰ পৰা আত্মৰক্ষাত সহায় কৰে৷ ইহঁতৰ কিছুমান ঘৰচীয়া, কিছুমান বনৰীয়া৷ হিমালয়ৰ ওখ ঠাইত বাস কৰা মানুহে য়াকৰ নোমৰ কাপোৰ পিন্ধে, শুকান গোবৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰে, আৰু ইহঁতৰ গাখীৰ পান কৰে৷ গাখীৰৰে বিভিন্ন সামগ্ৰীও তৈয়াৰ কৰে৷ বিনিময়ত মানুহে ইহঁতৰ যত্ন লয়৷ অৱশ্যে বনৰীয়া য়াকৰ সংখ্যা ইহঁতৰ বসবাস কৰা ঠাই আৰু খাদ্যৰ অভাৱত কমি আহিছে৷ মানুহেও এনে বনৰীয়া য়াক চিকাৰ কৰি সংখ্যা কমাইছে৷ মুঠতে বনৰীয়া প্ৰাণীৰ ওপৰত মানুহৰ অত্যাচাৰেই ইহঁতৰ ধ্বংসৰ কাৰণ হৈছে৷
(এই নিবন্ধটো যুগুতাইছে নিষাদ চয়নে)