brahmaputrapost.com

এডুৱাৰ্ড বুখনাৰ: সমৰক্ষেত্ৰত প্ৰাণ হেৰুওৱা নোবেলজয়ী ৰসায়নবিদ

0

ইতিহাসত ১৩ আগষ্ট

১৯১৭ চনৰ ১৩ আগষ্ট৷ প্ৰথম বিশ্বযুদ্ধৰ সমৰক্ষেত্ৰ৷ জৰুৰী চিকিৎসাৰ বাবে যুদ্ধক্ষেত্ৰৰ হাস্পতাললৈ অনা হৈছিল এজন জাৰ্মান মেজৰক। তেওঁৰ শৰীৰত আঘাত আছিল অতিকৈ গুৰুতৰ৷ বাঁও উৰুত গোলাৰ টুকুৰা লাগি আহত হোৱা ৫৭ বছৰীয়া বিষয়াগৰাকীক জৰুৰী চিকিৎসা দিয়া হ’ল৷ সম্পূর্ণ দুটা দিন তেওঁক প্ৰাণ ৰক্ষা কৰিবলৈ সীমিত সুবিধাৰে চেষ্টা কৰা হ’ল৷ কিন্তু সেয়া সকলো বিফল হ’ল৷ দুটা দিনৰ পাছত অৱশেষত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। এই মৃত মেজৰজন কেৱল সামৰিক মর্যাদাৰে হোৱা মেজৰ নাছিল৷ তেওঁ আছিল বিজ্ঞান জগতক সম্পূৰ্ণ সলনি কৰি ১৯০৭ চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা বিখ্যাত জাৰ্মান ৰসায়নবিদ এডুৱাৰ্ড বুখনাৰ (Eduard Buchner)। অসাধাৰণ বৈজ্ঞানিক সফলতা লাভ কৰা সত্ত্বেও দেশৰ আহ্বানত বিশ্বযুদ্ধত সক্ৰিয়ভাৱে অংশ লৈ যুদ্ধক্ষেত্ৰতে প্ৰাণ আহুতি‍ দিয়া এইজনা মহান বিজ্ঞানীয়ে‍ ইতিহাসত এক ব্যতিক্ৰমী স্থান দখল কৰিছে।

এডুৱাৰ্ড বুখনাৰৰ জন্ম হৈছিল ১৮৬০ চনৰ ২০ মে’ত জাৰ্মানীৰ মিউনিখ চহৰত । তেওঁৰ পিতৃ আছিল ফৰেনছিক চিকিৎসাৰ ডাক্তৰ। বুখনাৰে ১৮৮৪ চনত মিউনিখৰ বটানিক ইনষ্টিটিউটত বিখ্যাত ৰসায়নবিদ এডলফ ফন বায়েৰৰ অধীনত ৰসায়ন আৰু কাৰ্ল নাগেলিৰ অধীনত উদ্ভিদ বিজ্ঞানৰ অধ্যয়ন আৰম্ভ কৰে। পৰৱৰ্তী সময়ত ১৮৮৮ চনত তেওঁ মিউনিখ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

১৯১৪ চনত সমৰক্ষেত্ৰত সহযোদ্ধাৰ সৈতে বুখনাৰ৷ ইনছেটত গৱেষণাগাৰৰ ভিতৰত৷

১৯ শতিকাৰ শেষলৈকে বিজ্ঞানীসকলৰ মাজত এটা বিশ্বাস আছিল যে সুৰা প্ৰস্তুত বা কিণ্বন প্ৰক্ৰিয়া (যাক ইংৰাজীত ফার্মেণ্টেশ্যন বুলি কোৱা হয়) কেৱল জীৱন্ত ইষ্ট কোষৰ ভিতৰতহে সম্ভৱ। এই মতবাদক ‘ভাইটেলিজম’ বুলি জনা গৈছিল। কিন্তু বুখনাৰে ১৮৯৭ চনত চলোৱা এক যুগান্তকাৰী পৰীক্ষাই এই পুৰণি ধাৰণা ভুল প্ৰমাণ কৰিলে:

এই পৰীক্ষাত বুখনাৰে ইষ্ট কোষবোৰক বালিময় পদাৰ্থৰ সৈতে পিহি পটাত খুন্দি তাৰ পৰা ইষ্টৰ ৰস বাহিৰ কৰিছিল৷  এই ৰসত কোনো জীৱন্ত কোষ নাছিল যদিও সূক্ষ্ম পৰীক্ষাত দেখা গ’ল যে এই ৰসে চেনি বা শৰ্কৰাক মদ আৰু কাৰ্বন-ডাই-অক্সাইডলৈ ৰূপান্তৰ কৰিব পাৰে। এই পৰীক্ষালভ্য জ্ঞানৰ আধাৰত বুখনাৰে‍ প্ৰমাণ কৰিলে যে কিণ্বন প্ৰক্ৰিয়াৰ বাবে জীৱন্ত কোষৰ প্ৰয়োজন নাই, বৰঞ্চ কোষৰ ভিতৰত থকা উৎসেচক বা এনজাইমহে ইয়াৰ বাবে দায়ী। তেওঁ এই উপাদানবিধৰ নাম দিছিল ‘জাইমেজ’ (Zymase)।

বুখনাৰৰ আৱিষ্কাৰে আধুনিক জৈৱ-ৰসায়ন আৰু এনজাইমলজি‍ৰ নতুন দুৱাৰ মুকলি কৰে। এই বিষয়ত পৰৱর্তী ন ন গৱেষণাই নতুন নতুন তত্য উদ্ঘাটন কৰিবলৈ সক্ষম হয়৷ কোষ-মুক্ত কিণ্বন প্ৰক্ৰিয়া আৱিষ্কাৰ আৰু জৈৱ-ৰসায়ন ক্ষেত্ৰলৈ আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ বাবে সেয়েহে‍ এডুৱাৰ্ড বুখনাৰক ১৯০৭ চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাৰে ভূষিত কৰা হয়।

১৯১৪ চনত যেতিয়া প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হয়, তেতিয়া নোবেলজয়ী বুখনাৰ এজন সফল অধ্যাপক, গৱেষক৷ তেওঁৰ অধীনত তেতিয়া জ্ঞানৰ নতুন দিগন্ত প্ৰসাৰিত হৈছে৷ কিন্তু দেশৰ হৈ‍ সেৱা আগবঢ়াবলৈ তেওঁ স্বেচ্ছাই জাৰ্মান সেনা বাহিনীত যোগ দিয়ে। এই সমৰত তেওঁ ‘মেজৰ’ পদবীলৈ পদোন্নতি লাভ কৰিছিল।

১৯১৬ চনত বুখনাৰ কিছুদিনৰ বাবে বিশ্ববিদ্যালয়ৰ শিক্ষাদানলৈ ঘূৰি আহিছিল যদিও ১৯১৭ চনত পুনৰ যুদ্ধক্ষেত্ৰলৈ যায়। সেই বছৰৰে‍ ১১ আগষ্টত ৰোমানিয়াৰ ফোচানী (Focșani) সমৰক্ষেত্ৰত ‘মাৰাছেষ্টিৰ যুদ্ধ’ চলি থকাৰ সময়ত শ্বেল, অর্থাৎ গোলাৰ টুকুৰা লাগি তেওঁ গুৰুতৰভাৱে আহত হয় আৰু ১৩ আগষ্টত মৃত্যুৱৰণ কৰে।

বিজ্ঞানৰ জগতত এডুৱাৰ্ড বুখনাৰ নাম কোষীয় ৰসায়নৰ এক বিৰল মেধা হিচাপে চিৰকাল সোণালী আখৰেৰে লিখা থাকিব। যিদৰে তেওঁৰ আৱিষ্কাৰে আধুনিক বিজ্ঞানক নতুন দিশ দেখুৱালে, ঠিক তেনেদৰে তেওঁৰ কৰ্তব্যনিষ্ঠা আৰু জীৱনৰ শেষ পৰিণতিয়ে বিশ্বৰ ইতিহাসত তেওঁক এজন অসাধাৰণ বিজ্ঞানী আৰু দেশপ্ৰেমিক হিচাপে অমৰ কৰি ৰাখিলে।

Leave A Reply

Your email address will not be published.