বড়ো ভাষা, সাহিত্য আৰু সংস্কৃতিৰ ব্যৱহাৰিক তথা শৈক্ষিক বিকাশৰ দিশত সৃষ্টি হ’ল এক নতুন দিগন্ত। দেশৰ অন্যতম শীর্ষ শিক্ষা প্রতিষ্ঠান—নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত (JNU) অতি শীঘ্ৰেই মুকলি হ’ব বড়ো ভাষাৰ অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ। ইয়াৰ উপৰি, বিশ্ববিদ্যালয় চৌহদত বড়ো জনগোষ্ঠীৰ সমৃদ্ধ ঐতিহ্য প্ৰতিফলিত কৰাকৈ এটি সংগ্ৰহালয় (Museum) স্থাপন কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
৩১ জুলাইত কোকৰাঝাৰ প্ৰেছ ক্লাৱত আহ্বান জনোৱা এক সংবাদ মেলত বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ (BTC) শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে এই অভিলাষী প্ৰকল্পৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। তেওঁ জনোৱা মতে জেএনইউত শীঘ্ৰেই বড়ো অধ্যয়ন কেন্দ্ৰ আৰু সংগ্ৰহালয় স্থাপন কৰাৰ বিষয়টো জেএনইউৰ উপাচাৰ্য আৰু বিটিচিৰ শিক্ষা বিভাগৰ এক উচ্চস্তৰীয় প্ৰতিনিধি দলৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকে চূড়ান্ত কৰিছে। বড়ো ভাষা-সাহিত্য আৰু সংস্কৃতিৰ উচ্চমানৰ গৱেষণা সুনিশ্চিত কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য।
এই প্ৰকল্পটিৰ আন্তঃগাঁথনি নিৰ্মাণ আৰু অনান্য উন্নয়নমূলক কাম-কাজৰ বাবে বিটিচি কৰ্তৃপক্ষই ১০ কোটি টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰিব। লগতে গৱেষণা কেন্দ্ৰটি সূচাৰুৰূপে পৰিচালনা কৰিবলৈ আৱশ্যকীয় বিভাগীয় কৰ্মচাৰীও নিযুক্তি দিয়া হ’ব।
নার্জাৰীয়ে লগতে জনাই যে বাগছাত তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদ এটাও স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে৷ আঞ্চলিক শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে বাগছা জিলাৰ মুছলপুৰত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ এই নতুন চৌহদটি স্থাপন কৰা হ’ব৷ তদুপৰি চলিত শিক্ষাবৰ্ষৰ পৰাই উচ্চশিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধার্থে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়তো বড়ো বিভাগৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।
এই প্ৰসংগত নার্জাৰীয়ে কয় যে, “বড়ো ভাষা-সাহিত্যৰ বিশ্বায়ন আৰু জাতীয় ঐতিহ্য সংৰক্ষণৰ দিশত জেএনইউৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্থানত সংগ্ৰহালয় তথা গৱেষণা কেন্দ্ৰ স্থাপন কৰাটো কেৱল বড়ো ছাত্ৰ-ছাত্ৰীৰে নহয়, সমগ্ৰ অসমৰ শিক্ষা আৰু সংস্কৃতিৰ বাবে এক গৌৰৱৰ বিষয়।”
এই ঐতিহাসিক পদক্ষেপে বিটিআৰ (BTR) অঞ্চলৰ লগতে সমগ্ৰ দেশৰ বড়ো সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ বাবে উচ্চশিক্ষাৰ নতুন পথ মুকলি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।