brahmaputrapost.com

মহিলাই বেছিকৈ গৰম অনুভৱ কৰাটো ‘বেছি বেছি’ নে সঁচাকৈয়ে কিবা এটা আছে?

0

এই শতিকাৰ আৰম্ভণিৰ সময়ছোৱাৰ কথা৷ টেলিভিছনৰ দর্শকক আকর্ষিত কৰিছিল এটা বিজ্ঞাপনে৷ বিশেষ এটা চেম্পুৰ সেই বিজ্ঞাপনত অভিনয় কৰিছিল তেতিয়াৰ বলিউদৰ ‘হটেষ্ট কাপোল’ জন আব্ৰাহম আৰু বিপাশা বসুৱে৷ অভিমান বা ফেশ্বন/স্তৰৰ কথা বুজাবলৈ জনে মন্তব্য কৰিছিল : “ইট ইজ হট!” প্ৰত্যুত্তৰত বিপাশাই কৈছিল, “ইট ইজ নট!” হট-নট, হট-নটৰ এই বিজ্ঞাপনৰ প্ৰসংগটোনো হঠাৎ কিয়?

প্ৰকৃতিৰ  নিয়ম যিদৰে অপাৰ বিচিত্ৰময়, সেইদৰেই মানৱ শৰীৰৰ গঠনশৈলীও কম বিস্ময়কৰ নহয়। বিভিন্ন ঋতুত আমাৰ শৰীৰে বিভিন্ন ধৰণে সঁহাৰি জনায়, অর্থাৎ বিভিন্ন অনুভৱ কৰে‍। কিন্তু এটা মন কৰিবলগীয়া বিষয় হ’ল— একে পৰিবেশ বা একে তাপমানত থকাৰ পিছতো পুৰুষ আৰু মহিলাৰ গৰমৰ অনুভৱৰ  মাত্ৰা একে নহয়। বহু সময়ত দেখা যায় যে একেটা কোঠালীতে পুৰুষজনে যিমান গৰম অনুভৱ কৰে, মহিলাগৰাকীয়ে তাতকৈ বেছি অস্বস্তি বা গৰম অনুভৱ কৰে। এই লৈ স্বামী-স্ত্ৰী বা প্ৰেমিক-প্ৰেমিকাৰ মাজত কেতিয়াবা মনোমালিন্যও নোহোৱা নহয়৷

বিপাশা-জনৰ সেই হট-নটৰ আৱেগিক বা ইংগিতময় কথাত গৰম বাৰু পুৰুষজনে অনুভৱ কৰিছিল৷ পিছে বাস্তৱত নাৰীয়েহে‍  বেছিকৈ গৰম অনুভৱ কৰে৷ তাৰ আঁৰত কেৱল মানসিক ধাৰণা লুকাই থাকে, নে আন কিছু কাৰণ আছে?  জানি আচৰিত হ’ব, ই কোনো মানসিক ধাৰণা বা ব্যক্তিবিশেষৰ অভ্যাস নহয়; নাৰীয়ে অধিক গৰম অনুভৱ কৰাৰ আঁৰত আছে সুনির্দিষ্ট জৈৱিক, বৈজ্ঞানিক, সামাজিক আৰু হৰম’নজনিত কাৰণ।

যথার্থতে মহিলাসকলৰ শৰীৰত হৰম’নৰ প্ৰভাৱ অতি তীব্ৰ। মাহেকীয়া ঋতুচক্ৰৰ দ্বিতীয় ভাগত (Luteal phase) শৰীৰত প্ৰজেষ্টেৰন হৰম’নৰ মাত্ৰা বৃদ্ধি পায়, যিয়ে শৰীৰৰ অভ্যন্তৰীণ উষ্ণতা কেইবা ডিগ্ৰী পৰ্যন্ত বঢ়াই তোলে। আনহাতে বয়স বৃদ্ধিৰ লগে লগে ৰজোনিবৃত্তি বা মেন’পজৰ সময়ত শৰীৰত ইষ্ট্ৰ’জেন হৰম’নৰ মাত্ৰা হঠাৎ হ্ৰাস পায়। ইয়াৰ ফলত মগজুৰ উষ্ণতা নিয়ন্ত্ৰণকাৰী অংশ হাইপ’থেলমাছ বিভ্ৰান্ত হয় আৰু শৰীৰে হঠাৎ তীব্ৰ গৰম অনুভৱ কৰে, যাক চিকিৎসাবিজ্ঞানত ‘হট ফ্লেছ’ বুলি কোৱা হয়।

আনহাতে শৰীৰৰ জৈৱিক গঠন অনুসৰি মহিলাৰ ছালৰ তলত ‘ছাবকিউটেনিয়াছ ফেট’ বা চৰ্বিৰ স্তৰ পুৰুষতকৈ বেছি থাকে। এই চৰ্বিয়ে শৰীৰৰ ভিতৰৰ উত্তাপ বাহিৰলৈ ওলাই যোৱাত বাধা দিয়ে, অর্থাৎ ইনছুলেটৰৰ দৰে কাম কৰে। এনেদৰে‍ শৰীৰৰ অভ্যন্তৰীণ উত্তাপ ধৰি ৰখাৰ বাবেও গৰম বেছি অনুভৱ হয়।

আন এটা গুৰুত্বপূর্ণ কথা হ’ল যদিও মহিলা আৰু পুৰুষৰ শৰীৰত ঘৰ্মগ্ৰন্থিৰ সংখ্যা সমান, তথাপি পুৰুষৰ তুলনাত মহিলাৰ শৰীৰৰ পৰা ঘাম নিৰ্গমন প্ৰক্ৰিয়া সামান্য লাহে লাহে হয়। ফলত শৰীৰ প্ৰাকৃতিকভাৱে শীতল হ’বলৈ অলপ বেছি সময় লাগে।

এয়া হ’ল নাৰীয়ে গৰম বেছিকৈ অনুভৱ কৰাৰ শাৰীৰিক কাৰণ৷ সমান্তৰালভাৱে কেতবোৰ সামাজিক আৰু সাংস্কৃতিক কাৰণেও নাৰীৰ গৰম অনুভৱ কৰাত ভূমিকা লয়৷ ইয়াৰে প্ৰথমটো হৈছে নাৰীৰ পোছাক-পৰিচ্ছদ৷ দেখা যায় যে‍ পৃথিৱীৰ বেছিভাগ সমাজতেই পৰম্পৰাগতভাৱে মহিলাসকলে গোটেই শৰীৰ ঢাকি ৰখা আৰু একাধিক ভাঁজ থকা গধুৰ কাপোৰ— যেনে আমাৰ ইয়াত শাৰী, মেখেলা-চাদৰ, চেলোৱাৰ, বা দীঘল ফ্ৰক পৰিধান কৰে। এনে কাপোৰৰ মাজেৰে বায়ু চলাচল ভালদৰে হ’ব নোৱাৰাৰ বাবে শৰীৰে অতিৰিক্ত গৰম অনুভৱ কৰে।

একেদৰে আমাৰ সমাজত এতিয়াও ৰান্ধনিঘৰৰ মূল দায়িত্ব মহিলাসকলেই বহন কৰে। জুইৰ কাষত থকা, গৰম ভাপত দীঘলীয়া সময় কাম কৰা আৰু গাৰ শক্তি প্রয়োগ কৰি ঘৰৰ কাম কৰাৰ বাবে মহিলাৰ শৰীৰৰ উষ্ণতা স্বাভাবিকতকৈ বৃদ্ধি পায়।

এইবোৰৰ উপৰি মহিলাৰ কিছু স্বাস্থ্যজনিত কাৰণো আছে, যাৰবাবে তেওঁলোকে বেছিকৈ গৰম অনুভৱ কৰে৷ বিশেষকৈ‍ পুৰুষৰ তুলনাত মহিলাসকল হাইপাৰথাইৰইডিজম বা থাইৰয়ড গ্ৰন্থি অতিৰিক্ত সক্ৰিয় হোৱা ৰোগত বেছিকৈ আক্ৰান্ত হয়। এই ৰোগৰ প্ৰধান লক্ষণেই হৈছে শৰীৰে গৰম সহ্য কৰিব নোৱাৰা৷ তদুপৰি গৰ্ভৱতী মহিলাৰ শৰীৰত ৰক্ত সঞ্চালন প্ৰায় ৫০% বৃদ্ধি পায় আৰু মেটাবলিজম ক্ষিপ্ৰ হয়, যাৰ বাবে অত্যন্ত গৰম অনুভৱ হয়। তদুপৰি নাৰীসকলৰ আইৰনৰ অভাৱ বা ৰক্তহীনতায়ো শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ ব্যৱস্থাত খেলিমেলিৰ সৃষ্টি কৰে।

সামৰণিত ক’ব পাৰি যে মহিলাসকলে গৰম বেছিকৈ অনুভৱ কৰাটো কোনো কাল্পনিক বিষয় নহয়, ই সম্পূৰ্ণ বৈজ্ঞানিক তথ্যভিত্তিক। হৰম’নৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া, শৰীৰৰ গঠন আৰু সামাজিক জীৱনশৈলীৰ যৌথ প্ৰভাৱত মহিলাসকল পুৰুষৰ তুলনাত গৰমৰ প্ৰতি বেছি সংবেদনশীল হৈ উঠে‍। সেয়েহে পৰিয়াল তথা সমাজত মহিলাসকলৰ এই জৈৱিক প্ৰয়োজন আৰু অসুবিধা অনুধাৱন কৰি তেওঁলোকৰ বাবে আৰামদায়ক পৰিবেশ, সুষম আহাৰ আৰু উপযুক্ত পোছাক নিৰ্বাচনত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন।

Leave A Reply

Your email address will not be published.