ইতিহাসত ১৩ আগষ্ট
দুগৰাকী ভিন্ন অভিনেত্ৰী৷ একেই ১৩ আগষ্টতে জন্ম৷ একেই তামিলনাডুতে ঘৰ৷ শাস্ত্ৰীয় নৃত্যত দুয়োগৰাকীয়েই আছিল সুনিপুন৷ দক্ষিণ ভাৰতীয় চিনেমাত আত্মপ্ৰকাশ কৰি দুয়ো পাছলৈ হিন্দী ছবিৰ জৰিয়তে সমগ্ৰ ভাৰতীয়ৰ মনত ঠাই কৰিছিল৷ দুয়ো আছিল ৰুপৱতী—কিন্তু সৌন্দর্যতে পৰিচয় সীমাবদ্ধ নাৰাখি দুয়ো বহুমুখী আৰু প্ৰত্যাহ্বানমূলক চৰিত্ৰত অভিনয় কৰি নিজকে প্ৰতিষ্ঠা কৰিছিল।
আজি সেই দুয়োগৰাকী মহাতাৰকা—বৈজয়ন্তীমালা বালি আৰু শ্ৰীদেৱীৰ ওপজা দিন৷ হয়, ভাৰতীয় চিনেমাৰ ইতিহাসত ১৩ আগষ্ট দিনটো অতিকৈ তাৎপৰ্যপূৰ্ণ। এই দিনটোতে জন্মগ্ৰহণ কৰিছিল ভাৰতীয় চলচ্চিত্ৰ জগতৰ দুগৰাকী ধ্ৰুপদী তথা ৰূপালী পর্দাৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ স্বৰ্ণময় প্ৰতিভা— বৈজয়ন্তীমালা বালি আৰু শ্ৰীদেৱীয়ে। দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতৰ পৰা যাত্ৰা আৰম্ভ কৰি সমগ্ৰ ভাৰতৰ দৰ্শকক নিজৰ নৃত্য, সৌন্দৰ্য আৰু অভিনয়েৰে মুগ্ধ কৰা এই দুয়োগৰাকী অভিনেত্ৰীয়েই আছিল নিজ নিজ সময়ৰ অবিসংবাদী ‘মহাতাৰকা’।
বৈজয়ন্তীমালা : শাস্ত্ৰীয় নৃত্য আৰু অভিনয়ৰ মেলবন্ধন

১৯৩৬ চনৰ ১৩ আগষ্টত তেতিয়াৰ মাদ্ৰাজত (এতিয়াৰ চেন্নাইত) জন্মগ্ৰহণ কৰা বৈজয়ন্তীমালা বালি কেৱল এগৰাকী প্ৰখ্যাত অভিনেত্ৰীয়েই নহয়, তেওঁ এগৰাকী সুনিপুণ ভৰতনাট্যম নৃত্যশিল্পীও। মাত্ৰ ১৩ বছৰ বয়সতে তামিল ছবি ‘বাঝকাই’ (১৯৪৯)ৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰা বৈজয়ন্তীমালাই ১৯৫১ চনত ‘বাৰাহাত’ নামৰ হিন্দী ছবিত অভিনয়ৰে বলিউডতো আত্মপ্ৰকাশ কৰিছিল।
১৯৫৫ চনৰ ‘দেৱদাস’ ছবিত চন্দ্ৰমুখীৰ চৰিত্ৰত অভিনয় আছিল বৈজয়ন্তীমালাৰ অখণ্ড প্ৰভাৱী পৰিচয়ৰ আৰম্ভণি৷ এই ছবিৰেই খ্যাতিৰ চূড়াত আৰোহণ কৰি তেওঁ দৰ্শক তথা সমালোচকৰ ব্যাপক প্ৰশংসা বুটলিছিল। পৰৱৰ্তী কালত ‘নাগিন’, ‘মধুমতী’, ‘গংগা যমুনা’, আৰু ‘সংগম’ৰ দৰে কালজয়ী ছবিত তেওঁৰ অভিনয় ভাৰতীয় চিনেমাৰ সোণালী অধ্যায় হৈ ৰ’ল।
এই খ্যাতিয়েই ১৯৮৪ চনত বৈজয়ন্তীমালাক আনিছিল ৰাজনীতিৰ পথাৰলৈ৷ লোকসভা, ৰাজ্যসভালৈ নির্বাচিত হৈছিল বৈজয়ন্তীমালা৷ কংগ্ৰেছী সাংসদ হৈ থকাৰ সময়তে, ৰাজীৱ গান্ধীৰ মৃত্যুৰ পৰৱর্তী দৰল কার্যকলাপত অসন্তুষ্ট হৈ দলত্যাগ কৰি বিজেপিত যোগ দিছিল এই অভিনেত্ৰীয়ে৷
শাস্ত্ৰীয় নৃত্যক হিন্দী চিনেমাৰ বাণিজ্যিক অংশ কৰি তোলাত বৈজয়ন্তীমালাই লোৱা ভূমিকা কাললৈ স্মৰণীয় হৈ ৰ’ব। দক্ষিণ ভাৰতীয় অভিনেত্ৰীসকলৰ বাবে বলিউডৰ দুৱাৰ খুলি দিয়াৰ ক্ষেত্ৰত তেওঁ আছিল প্ৰথমগৰাকী সফল পথিকৃৎ।
শ্ৰীদেৱী: ভাৰতীয় চিনেমাৰ প্ৰথমগৰাকী ‘মহাতাৰকা’
১৯৬৩ চনৰ ১৩ আগষ্টত জন্মগ্ৰহণ কৰা শ্ৰীদেৱী (মূল নাম: শ্ৰীআম্মা ইয়াংগৰ আয়েপ্পান) আছিল সৰ্বভাৰতীয় স্তৰত এক নামেৰেই জনপ্ৰিয় হোৱা প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰ। লক্ষণীয় কথাটো হ’ল মাত্ৰ চাৰি বছৰ বয়সতে শিশু শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰা শ্ৰীদেৱীয়ে তামিল, তেলেগু, মালয়ালম, কান্নড় আৰু হিন্দী—এই পাঁচোটা ভিন্ন ভাষাৰ ছবিতেই সফলতাৰে ৰাজত্ব কৰিছিল।
যোৱাটো শতিকাৰ ৭০-৮০ ৰ দশকত দক্ষিণত ‘১৬ বয়থানিলে’, ‘মুণ্ড্ৰাম পিৰাই’ আদি ছবিৰে সফলতাৰ শিখৰ ছোৱাৰ পিছত, ৮০-৯০ ৰ দশকত ‘হিম্মতৱালা’, ‘নগিনা’, ‘মিষ্টাৰ ইণ্ডিয়া’, ‘চান্দনী’, ‘চালবাজ’, আৰু ‘লামহে’ আদি ছবিৰে শ্ৰীদেৱীয়ে ৰাষ্ট্ৰীয় পৰ্যায়তো অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছিল। এপিনে সৌন্দর্যৰ চমক, আনপিনে অভিনয় প্ৰতিভা; এপিনে নৃত্যত পাৰদর্শীতা, আনপিনে সংলাপ নিক্ষেপন আৰু কণ্ঠৰ স্বকীয়তা আচিল এই অভিনেত্ৰীৰ অভাৱনীয় জনপ্ৰিয়তাৰ কাৰণ৷
কিন্তু বনী কাপুৰৰ সৈতে বিবাহৰ পাছত আঁতৰি গৈছিল অভিনয় জগতৰ পৰা৷ সুদীৰ্ঘ বিৰতিৰ পিছত ২০১২ চনত ‘ইংলিছ ভিংলিছ’ আৰু ২০১৭ চনত ‘মম’ (Mom) ছবিৰ জৰিয়তে তেওঁ যি শক্তিশালী প্ৰত্যাৱৰ্তন ঘটালে, সেয়া আছিল শ্ৰীদেৱীৰ অসাধাৰণ অভিনয় দক্ষতাৰ জ্বলন্ত প্ৰমাণ।
দুর্ভাগ্য, মাত্ৰ ৫৪ বছৰ বয়সতে ২০১৮ চনৰ ২৪ ফেব্ৰুৱাৰীত ডুবাইত মৃত্যুবৰণ কৰিছিল এই মোহময়ী অভিনয় প্ৰতিভাই৷