brahmaputrapost.com

দিল্লীৰ প্ৰতিবাদীৰ ওপৰত প্ৰয়োগ কৰা পেলেট গান কি?

0

জুলাইৰ শেষ সপ্তাহত দেশৰ ৰাজধানী চহৰত চিজেপি নামৰ নৱগঠিত সংগঠনটোৰ নেতৃত্বত হোৱা ছাত্ৰ আন্দোলনত আন্দোলনকাৰীৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈ‍ছিল পেলেট গান৷ আন্তর্জাতিক সংবাদ মাধ্যমে এই বাতৰি বিস্তৃতভাৱে পৰিৱেশন কৰিছে৷ বিভিন্ন ঠাইত ভিন্ন প্ৰতিক্ৰিয়াও হৈছে৷ কিন্তু এই পেলেট গান নো কি? কেতিয়া ইয়াৰ উদ্ভাৱন হৈছিল? কেতিয়াৰপৰা প্ৰতিবাদীৰ বিৰুদ্ধে ইয়াৰ প্ৰয়োগ আৰম্ভ হয়?

পেলেট গান (Pellet Gun) হৈছে এক প্ৰকাৰৰ ৰাইফল বা শ্বটগান, যি সাধাৰণতে বায়ুৰ চাপ বা কাৰ্ট্ৰিজৰ সহায়ত ক্ষিপ্ৰ গতিৰে সৰু সৰু ধাতুৰ গুটি (Pellets) নিক্ষেপ কৰে। ভিৰ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা পেলেট গান সমূহত ৰবৰ বা সীহৰ সৰু সৰু ধাতুৰ গুটি ভৰোৱা ১২-গেজৰ কাৰ্ট্ৰিজ ব্যৱহাৰ কৰা হয়, যাক ‘বাৰ্ডশ্বট’ বুলিও কোৱা হয়। যেতিয়া এই ফায়াৰ কৰা হয়, এটা কাৰ্ট্ৰিজৰ পৰাই ৪০০ৰ পৰা ২০০০লৈকে সৰু সীহৰ গুটি এটা বহল পৰিসৰত ব্যাপ্ত হৈ মানৱ শৰীৰত আঘাত কৰে।

এই পেলেট বা এয়াৰ গানৰ ধাৰণা আৰু ইয়াৰ প্ৰাৰম্ভিক ব্যৱহাৰ দৰাচলতে‍ ১৬ শতিকাতেই আৰম্ভ হৈছিল। ১৫৮০ চন মানত নিৰ্মাণ কৰা এনে প্ৰথমটো কাৰ্যকৰী এয়াৰ গান বৰ্তমান ষ্টকহমৰ ৰাজকীয় অস্ত্ৰাগাৰত সংৰক্ষিত হৈ আছে। ১৫৮০ চনত প্ৰথম বাণিজ্যিক আৰু কাৰ্যকৰী ৰূপত উদ্ভাৱন হোৱাৰ পিছত, ১৮শ শতিকাৰ শেষৰপিনে, বিশেষকৈ ১৭৮০ৰ দশকত অষ্ট্ৰিয়ান সেনাবাহিনীয়ে এই সঁজুলি সামৰিক শক্তি হিচাপে সীমিত ব্যৱহাৰ কৰিছিল। ১৭-১৮ শতিকাৰ এই সময়ছোৱাত চিকাৰ আৰু সামৰিক প্ৰশিক্ষণৰ বাবে পেলেট আৰু এয়াৰ গানৰ বহুল ব্যৱহাৰ হ’বলৈ ধৰে। পাছলৈ ক্ৰমান্বয়ে ইয়াৰ ব্যৱহাৰ চৰাই চিকাৰ আৰু ক্ৰীড়াৰ ক্ষেত্ৰতে সীমাবদ্ধ হৈ ৰয়৷

কিন্তু কুৰি‍ শতিকাৰ শেষৰপিনে‍ আৰু ২১ শতিকাৰ আৰম্ভণিতে বিশ্বৰ কেইবাখনো দেশৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে প্ৰতিবাদী জনতাক চত্ৰভংগ দিয়াবলৈ ‘কম-মাৰাত্মক’ বুলি বিবেচনা কৰি এই পেলেট বা শ্বটগানসমূহ ব্যৱহাৰ কৰিবলৈ লয়। ভাৰতত নিৰাপত্তা বাহিনীয়ে এনেদৰে‍ পেলেট গান ব্যৱহাৰৰ প্ৰথম আনুষ্ঠানিক তথ্য পোৱা যায় ২০১০ চনত। জম্মু আৰু কাশ্মীৰত হোৱা তীব্ৰ প্ৰতিবাদ আৰু হিংসা নিয়ন্ত্ৰণ কৰিবলৈ তিৰুৱনন্তপুৰমৰ এক নিৰাপত্তা গোটৰ পৰামৰ্শ অনুসৰি‍ ক্ষয়ংকৰী গুলীবৰ্ষণৰ বিকল্প হিচাপে ‘১২-গেজ পেলেট গান’ ব্যৱহাৰ কৰিছিল।

লক্ষণীয় কথাটো হ’ল বিশ্বৰ বহু দেশতে আৰক্ষীয়ে ‘অ-মাৰাত্মক’ বুলি গণ্য কৰি পেলেট গানৰ ব্যৱহাৰ কৰিবলৈ লৈছিল যদিও বাস্তৱত ইয়াৰ পৰিণাম অত্যন্ত ভয়াবহ বুলি প্ৰমাণিত হৈছে৷ কার্য‍েক্ষত্ৰত দেখা গৈছে যে ফায়াৰ কৰাৰ পিছত পেলেটবোৰ বহল পৰিসৰত বিয়পি পৰে, ফলত প্ৰতিবাদকাৰীৰ উপৰি ওচৰত থকা সাধাৰণ নাগৰিক আৰু পথচাৰীও আহত হয়। সিমানেই নহয়, চকুত পেলেটৰ গুটি সোমালে মানুহ সম্পূৰ্ণৰূপে অন্ধ হৈ পৰে। ইয়াৰ উপৰি ডিঙি, মুখ আৰু ছালৰ তলত এই সীহৰ গুটিসমূহ সোমাই গুৰুতৰ সংক্ৰমণ আৰু স্থায়ী ক্ষতিৰ সৃষ্টি কৰে। এনে কোনো অংগৰ গভীৰলৈ‍ পেলেট সোমাই যোৱাৰ পাছত অস্ত্ৰোপচাৰো অসম্ভৱ বুলি প্ৰমাণিত হৈছে৷

এনে প্ৰে‍ক্ষাপটতে মানৱাধিকাৰ সংগঠনসমূহ যেনে হিউমেন ৰাইটছ ৱাটচ আরু এমনেষ্টি ইণ্টাৰনেশ্যনেলে পেলেট গানৰ ব্যৱহাৰক ‘অমানৱীয়’ আখ্যা দি ইয়াৰ বিৰুদ্ধে‍ সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনাই আহিছে। পেলেট গান মূলতঃ চৰাই চিকাৰৰ বাবে তৈয়াৰ কৰা সঁজুলি হ’লেও, সমাৱেশৰ বিক্ষোভ নিয়ন্ত্ৰণৰ নামত ইয়াৰ অপ্ৰসংগিক আৰু অনিয়ন্ত্ৰিত প্ৰয়োগে কার্যতঃ সমগ্ৰ বিশ্বতে গভীৰ উদ্বেগ আৰু বিতৰ্কৰ সৃষ্টি কৰি আহিছে।

Leave A Reply

Your email address will not be published.