ভাৰত আৰু ইজৰাইলৰ মাজৰ অস্ত্ৰ-সম্পৰ্কই আন্তর্জাতিক স্তৰত গুৰুত্ব লাভ কৰিছে৷ এপিনে ভাৰতে এই সম্পর্কৰ জৰিয়তে ইজৰাইলৰ সৈতে মিত্ৰতাৰ বন্ধন সুদৃঢ় কৰিছে, কিন্তু সমান্তৰালভাৱে এই সম্পর্কত এমনেষ্টি ইণ্টাৰনেশ্যনেলে উদ্বেগ প্ৰকাশ কৰিছে৷ এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ শেহতীয়া গৱেষণাভিত্তিক প্ৰতিবেদন মেড ইন ইণ্ডিয়া : দ্য ছাপ্লাই অৱ ৱেপনছ এণ্ড এম্যুনিছনছ টু ইজৰাইলৰ উদ্ধৃতি দি আল জাজিৰাত শেহতীয়াকৈ এই কথা প্ৰকাশ পাইছে৷
লক্ষণীয়ভাৱে এই প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা ২০২৫ চনৰ ৩০ নৱেম্বৰৰ ভিতৰত ভাৰতৰ পৰা ইজৰাইললৈ কমেও ২,৫৯৬ টা অস্ত্ৰ আৰু সামৰিক সঁজুলি চালান দিয়া হৈছে। ভাৰতে ৰপ্তানি কৰা অস্ত্ৰ সামগ্ৰীসমূহৰ ভিতৰত আছে ৩,৯০,৫১৬ টা সৰু অস্ত্ৰ-শস্ত্ৰৰ পাৰ্টছ, ৫,৬৪,৯৭০ টা বিস্ফোৰক সামগ্ৰী— যেনে ড্ৰোনৰ ৱাৰহেড, ১৫৫ মিমি আৰ্টিলাৰী শ্বেল ইত্যাদি আৰু লগতে ২৯৮ টা সামৰিক বাহনৰ পাৰ্টছ।
গুৰুত্বপূর্ণ কথাটো হ’ল এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ মতে এই অস্ত্ৰ ৰপ্তানি প্ৰক্ৰিয়াত ভাৰতৰ ব্যক্তিগত খণ্ডৰ লগতে ৰাষ্ট্ৰীয় মালিকানাধীন সামৰিক প্ৰতিষ্ঠানসমূহেও অংশগ্ৰহণ কৰিছে। আল জাজিৰাৰ মতে ভাৰতীয় এই অস্ত্ৰ প্ৰেৰণ কৰা হৈছে ইজৰাইলৰ মুখ্য প্ৰতিৰক্ষা কোম্পানী যেনে— ৰাফেল এডভাঞ্চড ডিফেঞ্চ ছিষ্টেমছ, আই এম আই ছিষ্টেমছ, এলবিট ছিষ্টেমছ আদিলৈ৷
ইপিনে ষ্টকহ’ম ইণ্টাৰনেশ্যনেল পীট ৰিছাৰ্চ ইনষ্টিটিউট (SIPRI)-ৰ তথ্য অনুসৰি, ২০২০-২০২৫ বৰ্ষৰ ভিতৰত ইজৰাইলৰ মুঠ অস্ত্ৰ বিক্ৰীৰ প্রায় ২৯% কিনিছে ভাৰতে৷ আনহাতে ভাৰতৰ অস্ত্ৰ আমদানিৰ তৃতীয় সর্ববৃহৎ উৎস হৈছে ইজৰাইল (১৫%)।
নৰেন্দ্ৰ মোদীৰ চৰকাৰে শেহতীয়াকৈ ইজৰাইলৰ সৈতে ঘনিষ্ঠতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে৷ ২০২৫ চনৰ ৪ নৱেম্বৰত ভাৰত আৰু ইজৰাইলৰ মাজত সামৰিক শিল্প আৰু প্ৰযুক্তিগত সম্পৰ্ক শক্তিশালী কৰিবলৈ নতুনকৈ বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হৈছিল৷ এই ঘনিষ্ঠতা আৰু বিশেষকৈ শেহতীয়াকৈ প্ৰকাশিত অস্ত্ৰ-বাণিজ্যৰ বাতৰিয়ে আন্তৰ্জাতিক আইনী আৰু নৈতিক প্ৰশ্নও উত্থাপিত কৰিছে৷ এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ সচিব প্ৰধান আগনেছ কালামাৰ্ডে এইবুলি মন্তব্য কৰিছে যে ‘ইজৰাইললৈ সামৰিক সঁজুলি ৰপ্তানি কৰি ভাৰতে আন্তৰ্জাতিক মানৱাধিকাৰ আইন উলংঘাৰ ক্ষেত্ৰত পোনপটীয়া সম্পর্কৰ বিপদ মাতি আনিছে।” আন্তৰ্জাতিক ন্যায়ালয়ৰ গণহত্যা ৰোধৰ নিৰ্দেশনা সত্ত্বেও ভাৰতে অস্ত্ৰ নিয়ন্ত্ৰণ সঠিকভাৱে কৰা নাই বুলি মানৱাধিকাৰ গোটে দাবী কৰিছে।
ইজৰাইলৰ সৈতে এই সম্পর্কই ভাৰতত দেশৰ ভিতৰতো এটা মহলক অসন্তুষ্ট কৰিছিল৷ এই মহলটোৰ অভিযোগ আৰু সমালোচনাই দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ মজিয়াও পাইছিলগৈ৷ পিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৪ চনত ইজৰাইললৈ অস্ত্ৰ ৰপ্তানি ৰোধ কৰাৰ আবেদন নাকচ কৰি কৈছিল যে বৈদেশিক নীতি নিৰ্ধাৰণ চৰকাৰৰ অধিকাৰভুক্ত। চৰকাৰৰ মতে, ভাৰতৰ বৈদেশিক তথা সামৰিক নীতি “ৰাষ্ট্ৰীয় স্বাৰ্থ” আৰু দ্বিপাক্ষিক নিৰাপত্তা চুক্তিৰ দ্বাৰা পৰিচালিত। অর্থাৎ ভাৰতৰ স্থিতি স্পষ্ট, আনে যিহকে নকওক, দেশৰ নিৰাপত্তাৰ স্বার্থই সবাতোকৈ গুৰুত্বপূর্ণ৷ সেয়েহে আপাততঃ ইজৰাইলৰ সৈতে অস্ত্ৰ বাণিজ্য অব্যাহত থকাৰেই সম্ভাৱনা৷