২০১৫ চনত ‘এ ব্ৰীফ হিষ্ট্ৰী অৱ ছেভেন কিলিংছ’ গ্ৰন্থৰ বাবে বুকাৰ বঁটা লাভ কৰা জামাইকান লেখক মাৰ্লন জেমছৰ শেহতীয়া উপন্যাস ‘দ্য ডিছএপিয়েৰাৰ্ছ’ এই বছৰৰ সাহিত্য জগতৰ অন্যতম সৰ্বাধিক চৰ্চিত সৃষ্টি হিচাপে পৰিগণিত হৈছে। ৮০ৰ দশকৰ জামাইকাত সংঘটিত এক সমকামিতা-বিৰোধী হিংসাত্মক ঘটনাৰ পটভূমিত ৰচিত এই অ-কল্পকাহিনীমূলক গ্ৰন্থখনক লৈ সাহিত্যপ্ৰেমীৰ উৎকণ্ঠা অধিক বৃদ্ধি পাইছে, কাৰণ এই উপন্যাসখনে স্থান লাভ কৰিছে ২০২৬ বৰ্ষৰ ‘বুকাৰ বঁটা’ৰ দীঘলীয়া তালিকাত।
শেহতীয়াকৈ ঘোষণা কৰা ১২ খন মনোনীত গ্ৰন্থৰ এই তালিকাত মাৰ্লন জেমছৰ উপৰি পূৰ্বৰ বুকাৰ বিজয়ী ডগলাছ ষ্টুৱাৰ্টৰ ‘জন অৱ জন’ আৰু পুলিৎজাৰ বঁটা বিজয়ী লেখিকা এলিজাবেথ ষ্ট্ৰাউটৰ ‘দ্য থিংছ উই নেভাৰ ছে’ আদিৰ দৰে প্ৰখ্যাত উপন্যাসো অন্তৰ্ভুক্ত হৈছে। ইয়াৰ উপৰি ক্ল’ই আৰিডজিছৰ (Chloe Aridjis) স্বপ্নময় কাহিনীৰে সমৃদ্ধ ‘দ্য শ্বেড’ অৱ দ্য অবজেক্ট’ গ্ৰন্থখনেও দীঘলীয়া তালিকাত স্থান পাইছে।
ব্ৰিটেইন বা আয়াৰলেণ্ডত প্ৰকাশিত ইংৰাজী ভাষাৰ শ্ৰেষ্ঠ মৌলিক উপন্যাসক প্ৰতিবছৰে প্ৰদান কৰা হয় এই সন্মানীয় ব্ৰিটিছ সাহিত্য বঁটা। এইবাৰৰ বিচাৰক মণ্ডলীৰ নেতৃত্ব বহন কৰিছে বিশিষ্ট ক্লাছিচিষ্ট মেৰী বিয়াৰ্ডে।