brahmaputrapost.com

ঘঁৰিয়ালৰ দাঁত চাফা কৰি দিয়া চৰাইজনী

0

কল্পনা কৰক, আপুনি এটা ডাইন’ছৰ যুগৰ দৰে বৰ্মাবৃত্ত, ভয়াৱহ চিকাৰী জীৱৰ ওচৰলৈ খোজকাঢ়ি গৈছে, যাৰ একোটা প্ৰচণ্ড কামোৰে এটা কাঠৰ ফুটবলকো গুড়ি কৰি পেলাব পাৰে। তাৰ পাছত আপুনি তাৰ মেলি থকা ডাঙৰ মুখখনৰ ভিতৰলৈ সোমাই গৈ ভাবিছে— “ৱাহ, দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ এয়া কেনে এক মনোৰম ঠাই!”

কথাটো শুনিবলৈ কোনো কাৰ্টুন ছবিৰ কাহিনী যেন লাগিব পাৰে— তাকে নহ’লেতো মূৰ্খামি বুলিয়েই ক’ব লাগিব। কিন্তু প্ৰকৃতিৰ সবাতোকৈ আশ্চৰ্যকৰ যি বন্ধুত্বৰ কাহিনী শুনা যায়, সেই ইজিপ্টিয়ান প্লোভাৰ (Egyptian plover) চৰাই আৰু নীল নদীৰ ঘঁৰিয়ালৰ (Nile crocodile) ক্ষেত্ৰত এয়া একেবাৰে স্বাভাৱিক কথা।

প্ৰকৃতিৰ জগতত এনে বহু অনন্য অংশীদাৰিত্ব দেখা যায়। এনে ঘটনাবোৰক সাধাৰণতে কোৱা হয় পাৰস্পৰিক সহযোগিতা, য’ত কোনো প্ৰাণী আন প্ৰাণীৰ আধাৰত আৰু আপাতদৃষ্টিত বন্ধুত্বৰ মাজেৰে আগবাঢ়ে। আমাৰ পথাৰবোৰত চৰি থকা গৰুৰ কাষে কাষে গো-বগ বা কেটল ইগ্ৰেট চৰি থকাটো ইয়াৰ এটা সাধাৰণ উদাহৰণ, য’ত গো-বগে গৰুৰ দেহত আঘাত নলগাকৈ চিকৰা আদি খায় নতুবা জলাহ ভূমিৰ পাৰত গৰুৰ খোজত ওলাই পৰা পোক আদি ভক্ষণ কৰে। এনে পাৰস্পৰিক সহযোগিতাৰ সৰ্বশ্ৰেষ্ঠ কাহিনীটো পাছে সেই  ইজিপ্টিয়ান প্লোভাৰ আৰু নীল নদীৰ ঘঁৰিয়ালৰ। ই হৈছে এটা সৰু নিৰ্ভীক চৰাই, এটা ভয়াৱহ সৰীসৃপ দানৱ আৰু বিশ্বৰ আটাইতকৈ বিপজ্জনক দাঁতৰ চিকিৎসা, মানে ‘ডেণ্টেল এপইণ্টমেণ্ট’ৰ এক ৰোমাঞ্চকৰ কাহিনী।

কাহিনীটোত প্ৰৱেশ কৰাৰ আগতে এই কাহিনীৰ দুই প্ৰধান চৰিত্ৰৰ সৈতে চিনাকি হোৱাটো প্ৰয়োজন।

কাহিনীৰ প্ৰধান নায়ক নীল নদীৰ ঘঁৰিয়াল। ই হৈছে এক শীৰ্ষ চিকাৰী জীৱ, যি ডাইন’ছৰৰ সময়ৰ পৰা আজিলৈকে প্ৰায় সলনি নোহোৱাকৈয়েই বৰ্তি আছে। প্ৰধানকৈ আফ্ৰিকাৰ সৰ্ববৃহৎ নীল নদীৰ উপৰি বিভিন্ন হ্ৰদ, জলাশয় আৰু জলাহ ভূমিত বাস কৰা এই প্ৰাণীটোক বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ জীৱিত সৰীসৃপ বুলি কোৱা হয়। ইহঁতৰ পূৰ্ণবয়স্ক মতাটো সাধাৰণতে ১১ৰ পৰা ১৬ ফুটপৰ্যন্ত দীঘল হ’ব পাৰে আৰু ইয়াৰ ওজন প্ৰায় ২২০ৰ পৰা ৭৫০ কিলোগ্ৰামপৰ্যন্ত হয়। কিছুমান ব্যতিক্ৰমী ঘঁৰিয়াল ২০ ফুটতকৈও অধিক দীঘল হোৱাৰ নিদৰ্শন আছে। ইহঁত অত্যন্ত বিচক্ষণ চিকাৰী। ইহঁতে মাছ, চৰাইৰ পৰা আৰম্ভ কৰি নদী পাৰ হ’বলৈ অহা জেব্ৰা বা ম’হৰ দৰে ডাঙৰ স্তন্যপায়ী প্ৰাণীকো আক্ৰমণ কৰে। ইহঁতে পানীৰ তলত লুকাই থাকি অতৰ্কিতে চিকাৰক আক্ৰমণ কৰে আৰু নিজৰ শক্তিশালী হনুৰে (jaw) ধৰি পানীৰ তললৈ টানি লৈ যায়।

আনহাতে আমাৰ কাহিনীৰ আনটো চৰিত্ৰ— যদি চৰাইক স্ত্ৰীলিংগ বুলি ধৰি লোৱা যায়, তেন্তে ক’ব পাৰি নায়িকা হৈছে  ইজিপ্টিয়ান প্লোভাৰ (Pluvianus aegyptius), যাক ‘ঘঁৰিয়াল চৰাই’ (Crocodile Bird) বুলিও জনা যায়। ই এটা চাহ কাপৰ জোখৰ এক সৰু ধুনীয়া চৰাই— যাৰ গাৰ ৰং মুগা, বগা আৰু ক’লা পাখিৰে আবৃত। ঘাইকৈ আফ্ৰিকা মহাদেশৰ ক্ৰান্তীয় অঞ্চলৰ ডাঙৰ নদীসমূহৰ বালিচৰত থাকিবলৈ ভাল পোৱা এই চৰাইবিধ অতি ধুনীয়া। ইয়াৰ শৰীৰৰ দৈৰ্ঘ্য প্ৰায় ১৯ৰ পৰা ২১ চেণ্টিমিটাৰ; পাখিৰ বৰণ অতি চকুত লগা, পিঠিখন নীলা-ধূসৰ (blue-grey), বুকুখন পাতল হালধীয়া বা ক্ৰীম ৰঙৰ, আৰু মূৰৰ পৰা ডিঙিলৈকে ক’লা-বগা ৰঙৰ সুন্দৰ নক্সা থাকে। ইহঁতৰ কণী পৰাৰ পদ্ধতিটো অতি ব্যতিক্ৰমী। মাইকীজনীয়ে নদীৰ গৰম বালিত গাঁত খান্দি কণী পাৰে আৰু কণীকেইটা বালিৰে ঢাকি থৈ দিয়ে। বালিৰ উত্তাপতে কণীসমূহ ফুটে। বতাহ বেছি গৰম হ’লে মাক-দেউতাকে নিজৰ বুকুৰ পাখি পানীত তিয়াই আনি কণী বা পোৱালিবোৰ শীতল কৰি ৰাখে। খাদ্য শৃংখলৰ সাধাৰণ নিয়ম অনুসৰি এই চৰাইটো ঘঁৰিয়ালৰ বাবে মাথোঁ এটা পলকৰ আহাৰ হ’ব লাগিছিল। তাতে নীল নদীৰ ঘঁৰিয়াল— যি বুকুত স্পন্দন থকা সকলোকে হেনো খাদ্য বুলি ভাবে। কিন্তু তাৰ বিপৰীতে কাহিনীটোৰ মাদকতা এইখিনিতেই যে ইজিপ্টিয়ান প্লোভাৰ হৈ উঠিছে ঘঁৰিয়ালৰ এক ব্যাৱসায়িক অংশীদাৰ। অন্যাৰ্থত দুয়োৰে মাজৰ সম্পৰ্কৰ কাহিনীটো হৈছে পাৰস্পৰিক লাভালাভৰ এক উৎকৃষ্ট উদাহৰণ।

মাছ, জেব্ৰা বা বাটত পোৱা যিকোনো জীৱকে পেট ভৰাই খোৱাৰ পাছত, ঘঁৰিয়ালটোৱে নদীৰ বালিময় পাৰলৈ বগাই আহে, নিজৰ বিশাল মুখখন বহলকৈ মেলে আৰু একেবাৰে স্থিৰ হৈ পৰে। এজন পথচাৰীয়ে তেতিয়া দেখিলে এনে ধাৰণা কৰিব যেন ঘঁৰিয়ালটোৱে কোনো অসতৰ্ক চিকাৰ থাপ মাৰি ধৰিবলৈ খাপ পিটি বহিছে। কিন্তু সেয়া হৈছে প্লোভাৰ চৰাইটোৰ প্ৰতি আমন্ত্ৰণ। কাৰণ ঘঁৰিয়ালটোৱে এনেদৰে ৰৈ থকাৰ পৰতেই সৰু চৰাইটোৱে উৰি আহি পোনপটীয়াকৈ ঘঁৰিয়ালৰ মুখৰ ভিতৰত সোমাই পৰে। চিকাৰী সৰীসৃপটোৰ কৰত হেন দাঁতবোৰৰ ওপৰেৰে নিৰ্ভয়ে, তেনেই স্বাভাৱিকভাৱে জঁপিয়াই ফুৰে। ই ঘঁৰিয়ালৰ আলু (gums) আৰু দাঁতৰ চুকত লাগি থকা পচা মাংসৰ টুকুৰা, পৰজীৱী আৰু জোকবোৰ খুঁটি খুঁটি খাবলৈ আৰম্ভ কৰে। অৰ্থাৎ এনেদৰে কণমানি চৰাইটিয়ে কোনো প্ৰতিযোগিতা নকৰাকৈ লাভ কৰে বিনামূলীয়া, উচ্চ প্ৰ’টিনযুক্ত আহাৰ। আৰু বিনিময়ত ঘঁৰিয়ালটোৱে লাভ কৰে দাঁতৰ বিনামূলীয়া পৰিষ্কাৰকৰণ। এই প্লোভাৰ চৰাইটো নহ’লে সেই পচা মাংসৰ টুকুৰাবোৰে ঘঁৰিয়ালৰ মুখত ভয়াৱহ সংক্ৰমণৰ সৃষ্টি কৰিলেহেঁতেন।

ভাবি চাওক— এইখন পৃথিৱীৰ একমাত্ৰ এনেকুৱা ‘ডেণ্টেল ক্লিনিক’, য’ত ডাক্তৰজনৰ (চৰাইটোৰ) গোটেই জীৱনটোৱেই ৰোগীৰ দ্বাৰা আক্ৰান্ত হোৱাৰ শংকা থাকে। পাছে দাঁতৰ সুৰক্ষাৰ স্বাৰ্থতে ঘঁৰিয়ালটোৱে কামোৰ মৰাৰ ইচ্ছা সামৰি সম্পূৰ্ণ শান্ত হৈ থাকে।

এই বন্ধুত্বৰ উপকাৰিতা কেৱল দাঁত চাফা কৰাতেই সীমাবদ্ধ নহয়। ইজিপ্টিয়ান প্লোভাৰ চৰাইটো অত্যন্ত সজাগ আৰু চঞ্চল। ঘঁৰিয়ালৰ ওচৰত থকা অৱস্থাত যদি চৰাইটোৱে কোনো চিকাৰী বা মানুহ অহা দেখা পায়, তেন্তে ই লগে লগে এক তীক্ষ্ন, ডাঙৰ চিঞৰ মাৰি উৰি গুচি যায়।

ঘঁৰিয়ালটোৰ বাবে এই চিঞৰটো ঘৰৰ ‘ছিকিউৰিটী এলাৰ্ম’ বাজি উঠাৰ দৰেই কাম কৰে। চৰাইটোৱে আচম্বিতে এইদৰে আতংকিত হোৱা কথাই সেই এলেহুৱা সৰীসৃপটোক সজাগ কৰি তোলে যে বিপদ ওচৰ চাপিছে। ফলত ঘঁৰিয়ালটোৱে সুৰক্ষিতভাৱে গভীৰ পানীত আশ্ৰয় ল’বলৈ পৰ্যাপ্ত সময় পায়।

এতিয়া ঘটনাটোৰ এণ্টি-ক্লাইমেক্স অংশলৈ অহা যাওক। এইটোৱেই কাহিনীটোৰ আটাইতকৈ ৰহস্যময় দিশ। যদি আপুনি আধুনিক জীৱবিজ্ঞানৰ কিতাপত এই বিখ্যাত বন্ধুত্বৰ বিষয়ে বিচাৰে, তেন্তে  সন্দেহ-অবিশ্বাস আদিয়েই দেখা পাব। কাৰণ কোনো জীৱবিজ্ঞানী বা প্ৰাণী অনুসন্ধানকাৰী আদিয়ে এনে দৃশ্য নথিবদ্ধ কৰা নাই। প্ৰকৃততে প্ৰাচীন গ্ৰীক ইতিহাসবিদ হেৰ’ড’টাছে (Herodotus) খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকামানত পোনতে ঘঁৰিয়াল আৰু প্লোভাৰ পক্ষীৰ এই আকৰ্ষণীয় কাহিনীটো লিখিছিল। কাহিনীটো ইমানেই চিত্তবিনোদনকাৰী যে হিৰ’ড’টাছে লিখাৰে পৰাই ই প্ৰকৃতিবিষয়ক তথ্যচিত্ৰ আৰু শিশুৰ সাধু কিতাপৰ এক অপৰিহাৰ্য অংশ হৈ উঠিছে।

Leave A Reply

Your email address will not be published.