সাহিত্য গণিকাৰ দৰে বজাৰৰ সামগ্ৰীত পৰিণত হৈছে! সাহিত্যৰ পবিত্র মণিকোঠা এতিয়া কাৰ দখলত? ডাঙৰ ডাঙৰ কলেৱৰৰ উপন্যাস লিখা হৈছে সঁচা; পিছে আকাৰ আৰু সংখ্যাৰ ওপৰত পুথিৰ মান নির্ভৰ কৰেনে? বর্তমান অৱস্থাত আমাৰ সমাজত কোনবোৰ বৌদ্ধিক বা উচ্চাংগ আলোচনাই আলোড়নৰ সৃষ্টি কৰিব পাৰিছে?
অসমীয়া সাহিত্যৰ মান সন্দর্ভত মাজেসময়ে অভিযোগ, অসন্তুষ্টি প্ৰকাশ পাই আহিছে৷ যেতিয়াই এনে অসন্তুষ্টি প্ৰকাশ পায়, তেতিয়াই আন এচামে আকৌ অসমীয়া সাহিত্য কিমান বিকশিত হৈচে তাৰো লেক দিবলৈ উঠি-পৰি লাগে৷ এই অৱস্থা আন নহ’লেও বিগত এস বছৰমানেই দ্খি অহা হৈছে৷ ক’বলৈ গ’লে তাৰো আগৰেপৰাই সাহিত্যৰ মানভঞ্জনৰ অভিযোগ-প্ৰতি অভিযোগ পোৱা যায়৷ কিন্তু অভিযোগৰ বাৰু একেবাৰে ভিত্তি নাই নেকি?
অসমীয়া ভাষাত বিশ্বমানৰ সাহিত্য কিয় হোৱা নাই, তেনে আক্ষেপো শুনি থকা যায়৷ কিন্তু এই আক্ষেপৰ হয়তো সবাতোকৈ প্ৰবল সুৰ ধ্বনিত হৈছিল দেবেন্দ্ৰনাথ আচার্যৰ কলমত৷ মন কৰিবলগীয়া যে এইগৰাকী ব্যক্তি সাধাৰণ ব্যক্তি নাছিল৷ তেখেত কালজয়ী ‘জংগম’ উপন্যাসৰ স্ৰষ্টা; অতিশয় সুশিক্ষিত—১৯৫৯ চনতে আই আই টি খড়গপুৰৰ পৰা সন্মানসহ বি টেক ডিগ্ৰী লৈ লণ্ডনৰ পৰা ১৯৬২ চনত D.I.C আৰু তাৰ দুবছৰৰ পিছতে লণ্ডনৰ পৰা ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰীও লৈছিল আচার্যদেৱে৷
এমেৰিকান কংক্ৰিট ইন্সটিটিউটৰ সদস্য, ইন্সটিটিউট অৱ ইঞ্জিনিয়াৰ্ছ (ভাৰত)ৰ ফেল’ দেবেন্দ্ৰনাথ আচার্যই জঙ্গম (১৯৮৩)ৰ উপৰি লিখিছিল কালপুৰুষ (১৯৭৬),অন্য যুগ অন্য পুৰুষ (১৯৭১)ৰ দৰে উপন্যাস৷ এইগৰাকী খ্যাতমিান ব্যক্তিয়ে ১৯৭৯ চনতে গভীৰ আক্ষেপেৰে লিখিছিল— ‘’সমাজৰ বাতাবৰণ সুস্থ নহ’লে উচ্চাংগ, কালজয়ী সাহিত্যৰ সৃষ্টি সম্ভৱ নহয়— কাৰণ, এনে সৃষ্টি জোৰ-জুলুমৰ দ্বাৰা কৰিব বা কৰাব নোৱাৰি। সমাজৰ মূল্যবোধ আৰু অনুপ্ৰেৰণা আৰু লেখকৰ একাগ্ৰতাৰ দ্বাৰাইহে ই সম্ভৱ।“
‘প্ৰকাশ’ আলোচনীৰ পাতত প্ৰকাশিত দেবেন্দ্ৰনাথ আচাৰ্যৰ এই লেখাতে অসমীয়া সাহিত্যৰ অৱস্থাক লৈ তেওঁ মত প্ৰকাশ কৰিছিল— “…উঠন, নিখুঁত আৰু পৰিপূৰ্ণ হোৱাৰ আগতেই সাহিত্য বেশ্যাৰ দৰে বজাৰৰ সামগ্ৰী হৈ পৰিল : সাহিত্যৰ ক্ষেত্ৰত নেতৃত্বৰ অভাৱ ঘটাত সমাজে সহজতৰ পন্থা বাছি ললে। উচ্চাংগ, পাণ্ডিত্যপূর্ণ চিন্তাশীল ৰচনা সামাজিক মূল্যায়নত নিকৃষ্ট বুলি পৰিগণিত হ’ল। সাহিত্যৰ মহিমা-মণ্ডিত পবিত্র মণিকোঠা অধিকাৰ কৰিলে গণিকা-বৃত্তিয়ে। আনহাতে এচাম ধনী লোকৰ সস্তীয়া অথচ দ্রুত যশ আৰ্জনৰ ক্ষেত্ৰ হৈ পৰিল সাহিত্য। পুথিৰ মানতকৈ তাৰ আকাৰ আৰু সংখ্যাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ’ল। কৃত্রিমতাৰ জৌলুষে আমাৰ চকুত ছাঁট মাৰি ধৰিলে— আমি মন্ত্রমুগ্ধ, জড়, স্থবিৰ হৈ পৰিলো। বর্তমান অৱস্থাত আমাৰ সমাজত বৌদ্ধিক, উচ্চাংগ কোনো আলোচনাই আলোড়নৰ সৃষ্টি কৰিব নোৱাৰে— পাৰে ইন্দ্ৰজাল, নগ্নতা আৰু কুৎসাই।“
এই আক্ষেপ প্ৰকাশ পোৱা ৪৭ বছৰ হৈ গ’ল৷ প্ৰায় অর্ধ শতাব্দীৰ পাছত এতিয়াও বৃহৎ কলেৱৰৰ উপন্যাস প্ৰকাশ পায়েই আহিছে৷ বছৰি সাহিত্যৰ বাবে অনেকে অনেক পুৰস্কাৰো লাভ কৰি আহিছে৷ কিন্তু আচার্যই তোলা দুটা গভীৰ অভিযোগ যেন আজিও সঁচা হৈ ৰৈছে৷ বর্তমান অৱস্থাত আমাৰ সমাজত বৌদ্ধিক, উচ্চাংগ কোনো আলোচনাই আলোড়নৰ সৃষ্টি কৰিব নোৱাৰে বোলা কথাষাৰৰ আমি মিছা বুলিব পৰা নাই৷ যিদৰে মিছা বুলিব নোৱাৰি এইষাৰ কথা—‘’ পুথিৰ মানতকৈ তাৰ আকাৰ আৰু সংখ্যাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ’ল।“
তেন্তে সাহিত্য বাৰু এতিয়া সঁচাকৈয়ে বজাৰৰ সামগ্ৰীত পৰিণত হৈছে নেকি?