জীৱন এনে এক বিস্তৃত আৰু ৰহস্যময় নদী, যাৰ প্ৰতিটো ভাজত লুকাই থাকে অপ্ৰত্যাশিত মোৰ। কেতিয়াবা শব্দৰ তুলিকাৰে সত্যৰ ছবি অঁকা এগৰাকী সংবেদনশীল সাংবাদিক, কেতিয়াবা গ্লেমাৰ আৰু ছাঁ-পোহৰৰ জগতখনৰ সাহসী চৰিত্ৰ, আৰু কেতিয়াবা জনতাৰ কণ্ঠ স্বৰূপ এক ৰাজনৈতিক আত্মপ্ৰকাশ—এই সকলোৰে এক বিৰল আৰু আৱেগিক সংমিশ্ৰণেই হ’ল দেইজি আলেজান্দ্রা ওমানা অর্টিজ (Daisy Alejandra Omana Ortiz)। জীৱনক নিজৰ চৰ্তত জীয়াই থকাৰ এক অমলিন কাহিনী সংগোপনে কঢ়িয়াই লৈ ফুৰে কলম্বিয়াৰ এইগৰাকী বিস্ময়কৰ নাৰীয়ে।
জন্ম কলম্বিয়াৰ কুকুটাত৷ উত্তাল যৌৱন আৰু অসীম কৌতুহলৰ দুচকুৰে দেইজিয়ে প্ৰথম ভৰি দিছিল সাংবাদিকতাৰ জগতখনত। সংবাদ জগতখন আছিল তেওঁৰ বাবে সমাজক বুজি পোৱাৰ প্ৰথমখন মুকলি খিৰিকী। কলমৰ চোকা ধাৰেৰে সমাজৰ বিসংগতিৰ বিৰুদ্ধে মাত মতা, জনসাধাৰণৰ সুখ-দুখৰ ছবিখন শব্দৰ বুকুত ফুটাই তোলাৰ সেই মুহূৰ্তবোৰত আছিল এক সুকীয়া আৱেগ। শব্দৰ মেৰপাকত খোজ কাঢ়ি তেওঁ বুজি উঠিছিল যে সত্য অন্বেষণৰ পথ কেতিয়াও একৰৈখিক বা মসৃণ হ’ব নোৱাৰে।
কিন্তু জীৱনে মানুহক সদায় একোটা নির্দিষ্ট চক্ৰত আৱদ্ধ কৰি নাৰাখে। সাংবাদিকতাৰ গাম্ভীৰ্যৰ পৰা আঁতৰি দেইজিয়ে নিজৰ জীৱনপঞ্জীত সংযোজন কৰিলে এক অত্যন্ত বিতৰ্কিত অথচ অপ্ৰতিৰোধ্য অধ্যায়— পৰ্ণ উদ্যোগত প্ৰৱেশ। হয়, সাধাৰণ অভিনয় নহয়, আগতে সমাজৰ নগ্নতা উন্মোচন কৰা ডেইজিয়ে এতিয়া দর্শকৰ আগত প্ৰকাশ কৰিলে নিজৰ শৰীৰৰ নগ্নতা৷
বয়স তেতিয়া মাথোঁ ২৫ বছৰ৷ সেয়া ২০২১ চনৰ কথা৷ খেয়ালি মনেৰেই এই সুদর্শনা উদ্ভিন্ন যৌৱনাই খোজ থৈছিল প্ৰাপ্তবয়স্কৰ চিনেমাত৷ নাম লৈছিল আমাৰাণ্টা হাংক৷ ৰূপালী পৰ্দাৰ কেমেৰাৰ সন্মুখত থিয় হৈ তেওঁ সমাজৰ সংকীৰ্ণ দৃষ্টিভংগী আৰু হাজাৰটা প্ৰশ্নবাণক প্ৰত্যাহ্বান জনালে। সংস্কাৰ আৰু সামাজিক বাধাৰ শৃংখল ভাঙি নিজৰ শৰীৰ, স্বাধীনতা আৰু অস্তিত্বৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ এই যাত্ৰা আছিল এক নিঃসংগ সংগ্ৰাম। কাৰোবাৰ বাবে ই হয়তো অকল বিতৰ্কৰ বিষয় আছিল, কিন্তু দেইজিৰ বাবে আছিল নিজৰ স্বাধীন সত্তাৰ এক সাহসী আত্মপ্ৰকাশ।
যি খেয়ালি মনেৰে এদিন পৰ্ণ ছবিৰ জগতত ভৰি থৈছিল, সেই খেয়ালি মনেৰেই দুবছৰতে উদ্যোগটোক বিদায় দি মছি পেলাইছিল আমাৰাণ্টা হাংকৰ জনপ্ৰিয়তা৷ এইবাৰ মন মেলিলে লেখিকা হোৱাৰ৷ নতুন পৰিচয় হ’ল ডিজিটেল কনটেণ্ট ক্ৰিয়েটৰ৷ আৰু অৱশেষত ৰাজনীতিক!
দৰাচলতে দেইজিৰ হৃদয়ৰ এক কোণত সদায় জীয়াই আছিল সমাজলৈ কিবা এক অৱদান আগবঢ়োৱাৰ অদম্য হেঁপাহ। সেইবাবেই সামাজিক বিতৰ্ক আৰু অতীতৰ সকলো অধ্যায়ক নিজৰ সৱল অভিজ্ঞতা সানি তেওঁ খোজ দিলে ৰাজনীতিৰ ৰাজপথত। আৰু অতি শেহতীয়াকৈ তেওঁ হৈছে কলম্বিয়াৰ এগৰাকী সমাজবাদী ছিনেটৰ৷
সম্প্ৰতি বয়স ৩৩ বছৰ৷ পৰ্ণ তাৰকাৰ পৰা ৰাজনীতিবিদলৈ এই ৰূপান্তৰ কেৱল এক পৰিচয়ৰ পৰিৱৰ্তন নহয়, ই যেন আত্মাৰ পুনৰ্জন্ম। এপিনে অতীতক লৈ হোৱা সমালোচনা আৰু আনপিনে জনসাধাৰণৰ অধিকাৰৰ যুঁজ—এই দুই বিপৰীত দিশৰ মাজত থিয় হৈ দেইজিয়ে এক নতুন সংগ্ৰামৰ সূচনা কৰিলে। তেওঁৰ কণ্ঠেৰে পুনৰ উচ্ছাৰিত হ’ল বঞ্চিতৰ অধিকাৰ, নাৰী-স্বাধীনতা আৰু সমাজৰ মুক্ত মনোভাৱৰ বাৰ্তা।
দেইজি আলেজান্দ্রা ওমানা অর্টিজৰ জীৱন-গাথা কেৱল এগৰাকী নাৰীৰ উত্থান-পতন বা বিতৰ্কৰ কাহিনী নহয়; ই হ’ল এখন মুকলি আকাশ, য’ত ধুমুহা আৰু ৰামধেনুৱে একেলগে অৱস্থান কৰে। সাংবাদিকতাৰ গভীৰতা, পৰ্ণ জগতৰ ৰহস্যময়তা আৰু ৰাজনীতিৰ গতিশীলতা— এই তিনিওটা দিশৰ মাজেৰে অতিবাহিত তেওঁৰ যাত্ৰাই প্রমাণ কৰে যে মানুহৰ পৰিচয় কেৱল অতীতৰ কোনো এটা অধ্যায়ত সীমাবদ্ধ নাথাকে, বৰঞ্চ থাকে তেওঁৰ বুকুত থকা পৰিৱৰ্তনৰ অদম্য সাহসবোৰত।
দেইজিৰ এই সমগ্ৰ জীৱন-যাত্ৰা যেন এক কবিতা—য’ত আৱেগ, বিদ্ৰোহ আৰু জীৱনৰ অসীম প্ৰেমৰ সুৰ একেলগে বাজি উঠে।