ফিনলেণ্ডৰ ছাওনা সংস্কৃতি
সুখী মানুহৰ দেশ ফিনলেণ্ড৷ এই দেশৰ এনে কিছুমান পৰম্পৰা আছে, যি দেশবাসীক সুখী কৰি ৰাখিছে৷ কিন্তু কিনো সেই পৰম্পৰাসমূহ? আমি ব্ৰহ্মপুত্ৰ পোষ্টৰ পঢ়ুৱৈক তাৰেই আভাস দিবলৈ চেষ্টা কৰিম৷ আজি তেনে এবিধ পৰম্পৰাৰ কথা লিখিবলৈ ওলাইছোঁ৷ সেয়া হৈছে ২০২০ চনত ইউনেস্কোৱে ‘মানৱৰ বোধাতীত সাংস্কৃতিক ঐতিহ্য’ হিচাপে স্বীকৃতি প্ৰদান কৰা ছাওনা (Sauna) সংস্কৃতি৷
ছাওনা আপাত দৃষ্টিত গা ধোৱা বা ঘাম ওলোৱাৰ এটা মাধ্যম৷ কিন্তু ভালদৰে মন কৰিলে অনুভৱ হয় যে এই ছাওনা সংস্কৃতি ফিনলেণ্ডবাসীৰ জীৱনশৈলী, পৰম্পৰা আৰু সামাজিক সত্তাৰ এক অৱিচ্ছেদ্য অঙ্গ। ৫৬ লাখ জনসংখ্যাৰ ফিনলেণ্ডত আছে ৩৩ লাখতকৈও অধিক ছাওনা— যিটো দেশখনত ইয়াৰ জনপ্ৰিয়তা প্ৰমাণ কৰিবলৈ যথেষ্ট।
ফিনলেণ্ডৰ ছাওনা হৈছে কাঠ বা বিদ্যুতেৰে উত্তপ্ত কৰা এখন বিশেষ সৰু কোঠা, য’ত বিশেষ শিলৰ ওপৰত পানী ঢালি গৰম ভাপ বা ভাপৰ আৰ্দ্ৰতা সৃষ্টি কৰা হয়। ইয়াক ফিনিছ ভাষাত Löyly বুলি কোৱা হয়৷ এই ভাপত মানুহে বহি ঘাম উলিয়ায় আৰু তাৰ পাছত শৰীৰটো শীতল কৰিবলৈ ঠাণ্ডা পানী বা বৰফৰ নদীত জাঁপ দিয়ে।
ফিনিছ ছাওনাৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে সমতা, পৱিত্ৰ স্থান, মানসিক শান্তি আৰু ল্যইলা বা ভাপৰ আত্মা৷ প্ৰথমতে ক’ব খোজা হৈছে সমতাৰ দিশটো৷ ছাওনাত সোমালে সমাজৰ সকলো পদৱী আৰু পদবী কাষৰীয়া কৰি থোৱা হয়। একোটা ছাওনাত ৰজা-প্ৰজা, ধনী-দুখীয়া বা মন্ত্ৰী-সাধাৰণ নাগৰিক—সকলো একেলগে বহে। ইয়াত কাপোৰ পিন্ধাৰ পৰিৱৰ্তে নগ্ন হৈ বহাৰ নিয়ম, যাতে কোনো ব্যক্তিয়ে তেওঁৰ কাপোৰেৰে সামাজিক স্থিতি প্ৰদৰ্শন কৰিব নোৱাৰে।
আনহাতে পবিত্ৰ স্থান আৰু মানসিক শান্তিৰ কথালৈ মন যদি কৰে, তেন্তে দেখিব— পুৰণি কালতেই ফিনলেণ্ডত ছাওনাক এখন “পৱিত্ৰ স্থান” (Sacred Space) বা প্ৰাকৃতিক গীৰ্জা বুলি গণ্য কৰা হৈছিল। সিমানেই নহয়, প্ৰাচীন কালত আধুনিক চিকিৎসালয় বা গৰম পানীৰ ব্যৱস্থা নথকাত, ছাওনাতেই সন্তানৰ জন্ম দিয়া হৈছিল আৰু বেমাৰীৰ চিকিৎসা কৰা হৈছিল। সেইবাবেই ছাওনাৰ ভিতৰত কোনো ধৰণৰ চিঞৰ-বাখৰ, খং-ৰাগ বা বিবাদ নিষিদ্ধ। ফিনলেণ্ডবাসীৰ বাবে ই মন আৰু শৰীৰক শান্ত কৰাৰ এক মূল কেন্দ্ৰ।
এতিয়া আহোঁ ল্যইলাৰ কথালৈ৷ এই ল্যইলাৰ অসমীয়া অর্থ হয় ভাপৰ আত্মা৷ গৰম শিলত পানী ঢালিলে যি ভাপ ওলায়, তাক ফিনিছ ভাষাত ‘Löyly’ বোলা হয়। ফিনিছ পুৰাণত এই ভাপক এক প্ৰকাৰৰ “জীৱন-আভা” বা পৱিত্ৰ আত্মা বুলি বিশ্বাস কৰা হৈছিল।
ছাওনা অভিজ্ঞতাৰ বিভিন্ন পর্যায় আছে৷ প্ৰথমতে, গৰমত বহা৷ পোনতে ৮০° চেণ্টিগ্ৰেডৰ পৰা ১০০° চেণ্টিগ্ৰেডলৈকে গৰম ছাওনা কোঠাত বহি (অৱশ্যেই বিবসনা হৈ) শৰীৰৰ ঘাম উলিওৱা হয়। ইয়াৰ পাছতে আহে দ্বিতীয় পর্যায় Vihta (ভিহতা)ৰ ব্যৱহাৰ৷ একাংশই ভিহতা বা সদ্য কটা গছৰ পাতৰ মুঠিৰে শৰীৰত লাহে লাহে কোবাই ৰক্তসঞ্চালন বৃদ্ধি কৰে। এইবাৰ আহে তৃতীয় পর্যায়— শীতলীকৰণ৷ এই পর্যায়ত ছাওনাৰ পৰা ওলাই পোনে পোনে ঠাণ্ডা পানীত স্নান কৰা হয়, আনকি শীতকালত বৰফ জমা হোৱা হ্ৰদত পানী কাটি বা বৰফৰ ওপৰতো বাগৰি শৰীৰ জুৰ পেলোৱা হয়। চতুর্থ পর্যায়ত এই গৰম আৰু ঠাণ্ডাৰ প্ৰক্ৰিয়াটো কেইবাবাৰো পুনৰাব-ত্তি ঘটোৱা হয়।
ফিনলেণ্ডবাসীৰ বাবে চাওনাৰ গুৰুত্ব অপৰিসীম৷ ই তেওঁলোকৰ দৈনন্দিন জীৱনৰ অংশ৷ ফিনলেণ্ডত প্ৰায়বোৰ ঘৰ, ফ্লেট, সামূহিক কেন্দ্ৰ আৰু আনকি কাৰ্যালয়তো ছাওনা থাকে। এসপ্তাহত অন্ততঃ এবাৰ ছাওনালৈ যোৱাটো তেওঁলোকৰ নিয়মীয়া অভ্যাস। তদুপৰি ছাওনাৰ পৰিৱেশ আৰু প্ৰকৃতিৰ সৈতে সম্পৰ্ক নিবিৰভাৱে জড়িত৷ গ্ৰীষ্মকালত কাঠৰ জুইৰ ছাওনা আৰু নদী-হ্ৰদৰ কাষত সময় কটোৱাটো ফিনিছ সংস্কৃতিৰ অন্যতম সুন্দৰ অভিজ্ঞতা।
মুঠতে, ফিনলেণ্ডৰ ছাওনা কেৱল ৰিলেক্সেচন বা শৰীৰ চাফা কৰাৰ কৌশল নহয়; ই হৈছে আত্মা বিশুদ্ধ কৰা, মানসিক অৱসাদ আঁতৰোৱা আৰু মানুহৰ মাজত নিস্বাৰ্থ বন্ধুত্ব আৰু সমতা গঢ়ি তোলাৰ এক জীৱন্ত সাংস্কৃতিক ঐতিহ্য।