ইউৰোপত দাবানল:ফ্ৰান্স আৰু স্পেইনত লাখ লাখ লোক গৃহহীন
ইউৰোপ মহাদেশত চলি থকা তীব্ৰ গ্ৰীষ্মপ্ৰবাহৰ মাজতে ফ্ৰান্স আৰু স্পেইনত দেখা দিছে ভয়াবহ দাবানলে। অভাৱনীয় হাৰত বৃদ্ধি পোৱা এই জুই নিয়ন্ত্ৰণ কৰিবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলে আপ্রাণ চেষ্টা চলাইছে। ইতিমধ্যে এই ভয়ংকৰ জুইৰ বাবে ৩ লাখতকৈও অধিক লোক নিজ বাসগৃহ এৰি সুৰক্ষিত স্থানলৈ যাবলৈ বাধ্য হৈছে।
ফ্ৰান্সৰ বৰ্ডো (Bordeaux) অঞ্চলৰ সমীপত ১ লাখ একৰতকৈও অধিক বনভূমি ছাই হৈছে, যি এলেকা গুৱাহাটী পৌৰ প্ৰশাসনে সামৰা এলেকাতকৈ প্ৰায় দুগুণ৷ আনহাতে, স্পেইনৰ মাদ্ৰিদ চহৰৰ পশ্চিম দিশত জুই নিয়ন্ত্ৰণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই থকা হৈছে। এই বছৰ স্পেইনত ৪ লাখ ২৫ হাজাৰ একৰৰো অধিক ভূমি দাবানলত ভস্মীভূত হৈছে, যি মাদ্ৰিদ চহৰৰ আয়তনৰ প্ৰায় তিনিগুণ।
ফ্ৰান্সৰ জিৰণ্ড (Gironde) অঞ্চলত জুইৰ তীব্রতা ইমানেই বেছি যে ই স্থানীয়ভাৱে এক বিশেষ বতৰৰ সৃষ্টি কৰিছে, যাক ‘পাইৰ’কিউমুলোনিম্বাছ’ (pyrocumulonimbus) বুলি জনা যায়। ইয়াৰ ফলত সৃষ্টি হোৱা ধুমুহা আৰু বিজুলীৰ বাবে নতুন নতুন স্থানত জুই জ্বলিবলৈ ধৰিছে।
বতৰ বিজ্ঞান প্ৰতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি, অহা দিনবোৰত এই অঞ্চলসমূহত উষ্ণতা ৪০ ডিগ্ৰী চেলছিয়াছ (১০৪ ডিগ্ৰী ফাৰেণহাইট) অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। তীব্ৰ খৰাং আৰু শুকান বতাহৰ বাবে জুই আৰু অধিক বিয়পি পৰাৰ আশংকাই দেখা দিছে। স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে অৱশ্যে আশা প্ৰকাশ কৰি কয় যে স্থিতি লাহে লাহে নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে।
ইউৰোপীয় সংঘৰ তথ্য অনুসৰি, গ্ৰীষ্মকালৰ অর্ধেক সময়তে ফ্ৰান্স আৰু স্পেইনত এইবাৰৰ দাবানলে অতীতৰ সকলো অভিলেখ ভংগ কৰিছে। স্পেইনৰ ৱালেনছিয়া আৰু আলমেৰিয়া অঞ্চলত এই দুৰ্যোগৰ বাবে ইতিমধ্যে কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।