brahmaputrapost.com

গৰম বন্ধ খুলিছে, শি‍শুৰ যতনত কোনবোৰ কথালৈ মন কৰিব?

0

গৰমৰ বন্ধৰ অন্ত পৰিছে৷ ইতিমধ্য‍ে  শিশুসকলে পুনৰ বিদ্যালয়ত ভৰি থৈ ব্যস্ত হৈ উঠিছে৷ ২০ৰ পৰা ৩০ দিনৰ জিৰণীৰ পাছত নিয়মিত জীৱনযাত্ৰাত ভৰি দিয়াৰ এই সময়ছোৱা যথেষ্ট গুৰুত্বপূৰ্ণ। দীঘলীয়া বন্ধৰ সময়ত শি‍শুসকলৰ শোৱা-উঠা, খোৱা-বোৱা আৰু খেল-ধেমালিৰ সময় নিয়মীয়া নহয়। সেয়েহে, বন্ধ খোলাৰ পাছত সিহঁতক পুনৰ অনুশাসন আৰু সু-স্বাস্থ্যৰ সৈতে খাপ খুৱাবলৈ অভিভাৱক আৰু শিক্ষক উভয়ৰে বিশেষ মনোযোগৰ প্রয়োজন হয়। এইসময়ত কিছু দিশলৈ বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন৷ তলত থোৰতে সেইবোৰ দিশ উনুকিওৱা হ’ল৷

দৈনন্দিন নিয়ম আৰু অনুশাসন

বন্ধৰ দিনবোৰত ৰাতি পলমকৈ শোৱা আৰু পুৱা দেৰিকৈ উঠাৰ অভ্যাস গঢ় লৈ‍ উঠে। বিদ্যালয় আৰম্ভ হোৱাৰ লগে লগে শিশুৱে যাতে অতি কমেও ঘণ্টা নিৰৱচ্ছিন্ন টোপনি পায়, সেয়া সুনিশ্চিত কৰিব লাগে। আনহাতে পুৱা উঠা, বিদ্যালয়লৈ সাজু হোৱা, পঢ়া-শুনা কৰা আৰু খেল-ধেমালিৰ বাবে এক সুনির্দিষ্ট সময়সূচী প্রস্তুত কৰি দিয়াটো জৰুৰী।

সুষম আহাৰ আৰু পানীৰ ব্যৱহাৰ

প্ৰখৰ গৰমৰ পাছত বতৰ সলনি হোৱাৰ সময়ত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ ফল-মূল, সেউজীয়া শাক-পাচলি আৰু প্ৰটিনযুক্ত খাদ্য আহাৰত ৰখা উচিত। তদুপৰি‍ বিদ্যালয়লৈ যাওঁতে পৰিস্কাৰ পানীৰ বটল দি পঠিয়াব লাগে, যাতে শৰীৰত নির্জলীভৱন (Dehydration) নহয়। সবাতোকৈ গুৰুত্বপূর্ণ কথাটো হ’ল বিদ্যালয়ৰ বাহিৰত বিক্ৰী হোৱা মুকলি বা পুৰণি খাদ্য নাখাবলৈ শিশুসকলক সজাগ কৰা দৰকাৰ।

মানসিক প্ৰস্তুতি

দীঘলীয়া বন্ধৰ পাছত হঠাতে পঢ়াৰ চাপ বৃদ্ধি পালে শিশু মানসিকভাৱে ক্লান্ত হৈ পৰিব পাৰে। সেয়েহে আনন্দদায়ক পৰিবেশত পঢ়ুওৱাৰ ব্যৱস্থা কৰিব লাগে। একেদৰে, নতুন শ্ৰেণী, বন্ধু-বান্ধৱী আৰু শিক্ষকসকলৰ স’তে পুনৰ মিল হ’বলৈ শিশুক উৎসাহিত কৰিব লাগে যাতে সিহঁতে বিদ্যালয়লৈ সন্তুষ্টচিত্তে যাব পাৰে।

স্বাস্থ্য আৰু পৰিচ্ছন্নতা

খোৱাৰ আগতে আৰু শৌচাগাৰ ব্যৱহাৰৰ পাছত চাবোনেৰে হাত ধোৱাৰ নিয়মীয়া অভ্যাস বাহাল ৰাখিব লাগে।সিমানেই নহয়, গৰম বা বৰষুণৰ দিনত সংক্ৰামক ৰোগ (যেনে— জ্বৰ, কাঁহ, প্ৰস্ৰাবৰ সংক্ৰমণ) বা দেহত মহৰ কামোৰৰ পৰা হাত সাৰিবলৈ সুৰক্ষামূলক ব্যৱস্থা ল’ব লাগে।

গৃহকাৰ্য আৰু পঢ়াশুনাৰ সঠিক পৰিচালনা

বন্ধ খোলাৰ সময়ত শি‍শুৱে প্ৰায়েই শ্ৰেণীকোঠাত মন বহুৱাব নোৱাৰা হয়৷ এনেস্থলত ঘৰত অতিৰিক্ত তদাৰক কৰক৷ ঘৰত কৰিবলৈ‍ দিয়া কামবোৰ শিক্ষকক জমা দিবলৈ সঠিকভাবে সজাই লোৱাত শিশুক সহায় কৰক। একেদৰে‍ কাপোৰ-কানি, বেগ, জোতা আৰু কিতাপ-পত্ৰ পৰিষ্কাৰ আৰু শৃংখলাবদ্ধভাৱে ৰখাৰ অভ্যাস গঠন কৰক।

মুঠ কথা, শিশুসকলৰ শিক্ষা আৰু স্বাস্থ্য— এই দুয়োটা দিশৰে সমতুল্যতা বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়। গৰম বন্ধৰ পাছত মৰম, অনুশাসন আৰু সঠিক যত্নৰ যোগেদি শিশুসকলক পুনৰ শিক্ষাৰ মূল সূত্ৰলৈ ঘূৰাই আনিব পৰা যায়।

Leave A Reply

Your email address will not be published.