brahmaputrapost.com

পদপথৰ শিল্পীগ্লে’নহাঞ্চাৰ্ডৰ কৰুণ মৃত্যু

0

একাডেমী বঁটা (অস্কাৰ) বিজয়ী বিশিষ্ট আইৰিছ সংগীতজ্ঞ তথা গায়ক গ্লে’ন হাঞ্চাৰ্ডৰ (Glen Hansard) যোৱা ২৯ জুলাইৰ পুৱা এক মটৰচাইকেল দুৰ্ঘটনাত আকস্মিক মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৬ বছৰ। আইৰিছ আৰক্ষী আৰু শিল্পীগৰাকীৰ ব্যৱস্থাপনা প্ৰতিষ্ঠান এ টি চি মেনেজমেণ্টে জাৰি কৰা এক বিবৃতিত এই কৰুণ খবৰ নিশ্চিত কৰা হয়। আৰক্ষীৰ মতে, ডাবলিনৰ পশ্চিম প্ৰান্তৰ লুকান অঞ্চলৰ পথত পুৱা প্ৰায় ৪:৩০ বজাত একক আৰোহী মটৰচাইকেল দুৰ্ঘটনাতো সংঘটিত হয়। জৰুৰীকালীন সেৱাৰ কৰ্মীসকলে ঘটনাস্থলীতে তেওঁক চিকিৎসা প্ৰদান কৰে যদিও কিছু সময় পিছতে হাঞ্চাৰ্ডক মৃত ঘোষণা কৰা হয়।

হাঞ্চাৰ্ডৰ মৃত্যুত সমগ্ৰ বিশ্বৰ সংগীতপ্ৰেমীৰ লগতে সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পৰিছে। বিখ্যাত ৰক তাৰকা ব্ৰুচ স্প্ৰিংষ্টিনে  গভীৰ শোক প্ৰকাশ কৰি কয় যে, তেওঁ এগৰাকী “মহান সংগীতজ্ঞ, এজন ভাল বন্ধু আৰু মহানুভৱ ব্যক্তিক হেৰুৱালে।” U2 বেণ্ডৰ মুখ্য গায়ক বোনোৱে হাঞ্চাৰ্ডক ‘পদপথৰ কণ্ঠ’ বুলি অভিহিত কৰি সামাজিক মাধ্যমত লিখিছে‍, “তেওঁ পদপথত বাস কৰা কোনো ব্যক্তিৰ অৱস্থা নোলোৱাকৈ পাৰ হৈ যাব নোৱাৰিছিল।” আনহাতে আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাইকেল মাৰ্টিনে কয় যে হাঞ্চাৰ্ড আছিল এনে এজন শিল্পী, যিয়ে আয়াৰলেণ্ডৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ এক ঐতিহাসিক অৱদান আগবঢ়াই থৈ গ’ল।

হাঞ্চাৰ্ডৰ জন্ম আয়াৰলেণ্ডৰ ডাবলিনত, ১৯৭০ চনৰ ২১ এপ্ৰিলত৷ গায়ক, গীতিকাৰ, অভিনেতা আৰু পথৰ গায়ক হিচাপেই তেওঁৰ প্ৰধান পৰিচিতি৷ ২০০৮ত Falling Slowlyৰ বাবে অস্কাৰ বঁটাৰে সন্মানীত হাঞ্চাৰ্ডে মৃত্যুৰ সময়ত পত্নী মেয়াৰ ছাৰিচ্ছা আৰু ৩ বছৰীয়া পুত্ৰ ক্ৰিষ্টিক এৰি থৈ গৈছে৷

মাত্ৰ ১৩ বছৰ বয়সতে বিদ্যালয়ৰ শিক্ষা আধাতে এৰি ডাবলিনৰ ৰাস্তাত গান গাই (Busking) সংগীত যাত্ৰা আৰম্ভ কৰা হাঞ্চাৰ্ডে ১৯৯০ চনত ‘The Frames’ নামৰ জনপ্ৰিয় ৰক বেণ্ডটো গঠন কৰে। ২০০৭ চনত মুক্তি পোৱা কম বাজেটৰ আইৰিছ ছবি ‘Once’-এ তেওঁৰ জীৱনলৈ অভূতপূৰ্ব মোৰ আনিছিল। ছবিখনত অভিনয় কৰাৰ লগতে তেওঁ আৰু চে’ক সংগীতশিল্পী মাৰ্কেটা ইৰ্গল’ভাই  সৃষ্টি কৰা “Falling Slowly” গীতটোৰ বাবে ২০০৮ চনত অস্কাৰ (Best Original Song) লাভ কৰে। অস্কাৰ গ্ৰহণ কৰি স্তম্ভিত হাঞ্চাৰ্ডে মঞ্চত কৈ উঠিছিল— “আমি ইয়াত কি কৰি আছোঁ? এয়া সঁচাকৈয়ে অবিশ্বাস্য!”

‘Once’ ছবিখনৰ সফলতাৰ পিছত ইয়াক ব্ৰডৱে’ মিউজিকেললৈ ৰূপান্তৰ কৰা হয়, যিয়ে ২০১২ চনত ৮টাকৈ সন্মানীয় ‘টনি বঁটা’ (Tony Awards) অৰ্জন কৰে। ২০১৬ চনত হাঞ্চাৰ্ডে তেওঁৰ একক এলবামৰ বাবে গ্ৰেমী বঁটাৰ বাবেও মনোনীত হৈছিল।

কেৱল সংগীতেই নহয়, হাঞ্চাৰ্ড আছিল সমাজসেৱাৰ এগৰাকী নিষ্ঠাৱান ধ্বজাবাহক। ২০১০ চনৰ পৰা প্ৰতিটো খ্ৰীষ্টমাছৰ প্ৰাক-সন্ধিয়া তেওঁ ডাবলিনৰ ৰাস্তাত ‘চেৰিটি বাস্কিং’  অনুষ্ঠিত কৰিছিল। ইয়াৰ জৰিয়তে সংগৃহীত ২ নিযুত ইউৰোতকৈ অধিক ধন আয়াৰলেণ্ডৰ গৃহহীন লোকসকলৰ সহায়ত ব্যৱহাৰ কৰা হৈছিল। সংস্থাটোৱে তেওঁক “গৃহহীনতাৰ বিৰুদ্ধে যুঁজ দিয়া এজন মহান ব্যক্তি” বুলি স্মৰণ কৰে।

Leave A Reply

Your email address will not be published.