brahmaputrapost.com

‘ব্ৰহ্মপুত্ৰ পোষ্ট’ আৰু আমাৰ কথা

0

আজি ১৩ আগষ্ট, ২০২৬৷ মাজত মাত্ৰ এদিন৷ দেশে ভৰি থ’ব স্বাধীনতাৰ আশী বছৰত৷ এখন প্ৰাচীন সভ্য, সু-সংস্কৃত দেশত বণিজ কৰিবলৈ আহি,‍ চলে বলে এটা কোম্পানীয়ে সেই দেশক হস্তগত কৰি‍ ব্ৰিটিছ সাম্ৰাজ্যৰ ভিতৰুৱা কৰাৰ পাছত দেশবাসীয়ে জাগি উঠি নিজক স্বাধীন কৰাৰ ঊনাশী বছৰ সম্পূর্ণ হৈছে৷ এই ঊনাশী বছৰত এখন অনুন্নত অর্থনীতিৰ দেশৰ পৰা বিকাশশীল ৰাষ্ট্ৰলৈ উন্নীত কৰাৰ পথত দেশে যথেষ্ট অগ্ৰগতি লাভ কৰিছে৷ কিন্তু সম্ভৱ হৈছেনে আমাৰ চিন্তাৰ স্বাধীনতা? মুক্ত হৈছেনে আমাৰ মনন? এক স্বাধীন, মুক্ত, উদাৰ ভাৱধাৰাৰ প্ৰভাৱ পৰিছেনে আমাৰ সাহিত্যত? গল্প-উপন্যাস-কবিতাত? প্ৰভাৱ পৰিছেনে‍ ৰাজনৈতিক বিচাৰবোধত? সাংবাদিকতাত?

ঔপনিৱেশিকতাৰ পৰা মুক্তিৰ চাৰি‍ কুৰি বছৰীয়া সন্ধি‍ক্ষণত আমি এইটোও পাহৰিব নোৱাৰোঁ যে আজিৰ ভাৰত-আত্মা গঢ়ি তোলাত আছে এই বিশাল ভুখণ্ডলৈ অহা প্ৰতিটো গোষ্ঠীৰেই অৱদান৷ দ্ৰাবিড়ৰ পৰা আর্য হৈ যৱনলৈ, শক-হুন-পাঠান-মোগললৈ, ভাৰতত থকা প্ৰতিটো ক্ষুদ্ৰ জাতিসত্বালৈ‍— সকলোৰে সন্মিলিত প্ৰয়াসতেই গঢ় লৈ উঠিছে ভাৰতীয় আত্মা৷ অংশীভূত প্ৰতিটো গোষ্ঠীৰেই এই ভাৰতীয়ত্বত আছে সমান অধিকাৰ৷

অসমীয়া পৰিচয়তো  এই ভাৰত-আত্মাই প্ৰবহমান৷ ‘অসমীয়া’ও হৈছে এক বহল সামাজিক পৰিচয় মাত্ৰ—যি পৰিচয় গঢ়ি তুলিছে এই ভূখণ্ডলৈ আহি নিগাজিভাৱে‍ বাস কৰা প্ৰতিটো জাতিসত্বাই, প্ৰতিটো গোষ্ঠীয়ে৷ এই মুকলি উদাৰ মনেহে ৰক্ষা কৰিব অসমীয়াত্ব, সম্ভৱ কৰিব অসম-অসমীয়াৰ শান্তি৷

এনে চিন্তাৰেই আগবাঢ়িব ব্ৰহ্মপুত্ৰ পোষ্ট৷ এয়া এক মঞ্চ—স্বাধীন চিন্তাৰ৷ সাংবাদিকতাই এতিয়া স্বৰূপ সলাইছে৷ আমি বিশ্বাস কৰোঁ খবৰেই মূল কথা নহয়, সেই খবৰৰ আঁৰৰ কথা উদ্ঘাটনহে‍ আমাৰ লক্ষ্য৷ ঘটনাতকৈ উৎসৰ, কার্যতকৈ কাৰণৰ বিচাৰ আমাৰ বাবে অধিক গুৰুত্বপূর্ণ৷

আমি ১৯৪৭ৰ ১৫ আগষ্টৰ কথা সোঁৱৰাৰ সময়ত এইকথা উদ্ঘাটন নকৰোঁ যে ১৯৪৭ত দেশ বিভাজনৰ কৰুণ পৰিণতিৰ  ৰূপৰেখা চূড়ান্ত কৰা হৈছিল দুদিন পূর্বে, ১৩ আগষ্টতে৷ ক্ষমতা হস্তান্তৰৰ অন্তিম ৰূপ দিবলৈ সেই ১৩ আগষ্টতেই ছাৰ চিৰিল ৰেডক্লিফৰ নেতৃত্বত গঠিত পঞ্জাব আৰু বেংগল সীমা নিৰ্ধাৰণ আয়োগে ভাৰত-পাকিস্তানক পৃথক কৰা সীমান্তৰেখাৰ চূড়ান্ত ৰূপ দিছিল, সম্ভাব্য পৰিস্থিতিৰ বাবে ব্ৰিটিছ কর্তৃপক্ষক দোষমুক্ত কৰাৰ স্বার্থত যিটো মাউণ্টবেটেনে ইচ্ছাকৃতভাৱে স্থগিত ৰাখিছিল ১৭ আগষ্ট পর্যন্ত৷ এই ৰেডক্লিফ লাইনেই অসমলৈ অবাধ প্ৰব্ৰজনৰ পথ খোলা ৰখাটো অনেক বিশ্লেষকৰ লেখাতেই স্পষ্ট৷

কাৰোবাক দোষমুক্ত কৰাৰ স্বার্থত গোপনীয়তাৰ বিৰুদ্ধে প্ৰতিবাদৰ চিন স্বৰূপেই আজিৰ দিনটোতে ‘ব্ৰহ্মপুত্ৰ পোষ্ট’ৰ আনুষ্ঠানিক আত্মপ্ৰকাশ৷ এই আত্মপ্ৰকাশতেই আছে গোপনীয়তাৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ৷ জন্মতকৈ বিকাশতহে‍ আমাৰ লক্ষ্য৷ সেয়েহে আমাৰ জন্মত নাই কোনো আড়ম্বৰতা৷  শক্তি সীমিত; তথাপি অবিচল, স্থিৰ আমাৰ লক্ষ্য৷ বাহুল্য প্ৰদর্শনেৰে চমক সৃষ্টি কৰিব পাৰি‍, কিন্তু লক্ষ্যভ্ৰান্তিৰে আস্থা অর্জন কৰিব নোৱাৰি— লক্ষজনৰ ওচৰত চমক সৃষ্টি কৰিও হেৰাই যাবলগীয়া হয়৷ সেয়েহে সেই পথ আমাৰ নহয়৷

আমাৰ সংকল্প—অসমীয়া নামৰ এই সুৱদী সুৰীয়া ভাষাটো শুদ্ধকৈ লিখাৰ৷ আভিধানিক মতৰ ভিন্নতাৰ বাবে, কেতিয়াবা ‘টাইপ’ৰ সময়ত কাচিৎ বানানৰ ভুল থাকি যাব পাৰে, সেয়াও পার্যমানে পৰিহাৰৰ চেষ্টা কৰা হ’ব; কিন্তু ভাষিক প্ৰয়োগ আৰু বাক্যৰীতিৰ ক্ষেত্ৰত শুদ্ধতা বর্তাই ৰখাই আমাৰ লক্ষ্য৷ চিন্তন-মননৰ মুক্ত বাতাবৰণ গঢ়ি তোলাই আমাৰ কাম্য৷ ৰুচিশীল সাংবাদিকতা গঢ়ি তোলাই আমাৰ উদ্দেশ্য৷ আপোনাৰ দৰে প্ৰতিজন বিবেকবান হওক আমাৰ নিৰীক্ষক, প্ৰয়োজনত কঠোৰ সমালোচক—এক কথাত সহযাত্ৰী৷

Leave A Reply

Your email address will not be published.